বকোৰ কালাতলী বজাৰ-নতুন কাঠমী পথৰ কদৰ্যৰূপে জীয়াতু ভোগাইছে পথচাৰীক, ম্যাদ উকলাৰ পিচতো পথৰ নিৰ্মাণকাৰ্য সম্পন্ন নকৰিলে ঠিকাদাৰে

বকোৰ কালাতলী বজাৰ-নতুন কাঠমী পথৰ কদৰ্যৰূপে জীয়াতু ভোগাইছে পথচাৰীক, ম্যাদ উকলাৰ পিচতো পথৰ নিৰ্মাণকাৰ্য সম্পন্ন নকৰিলে ঠিকাদাৰে

ডিজিটেল সংবাদ, গৰৈমাৰীঃ কামৰূপ জিলাৰ বকো বিধানসভা সমষ্টিৰ অন্তৰ্গত কালাতলী বজাৰ-নতুন কাঠমীলৈ যোৱা পথটো বিগত এবছৰ অতিক্ৰমৰ পিচতো নিৰ্মাণকাৰ্য সম্পন্ন নকৰাত যাতাযাতৰ ক্ষেত্ৰত ৰাইজে জীয়াতু ভূগিবলগীয়া হৈছে৷ উল্লেখ্য যে, ভাৰত চৰকাৰৰ গ্ৰাম্য উন্নয়ন মন্ত্ৰ্যানালয়ৰ দ্বাৰা অৰ্থ প্ৰদত্ত আঁচনিৰ অধীনত ৩,২০৬২ লাখ টকা ব্যয় সাপেক্ষে বকো সমষ্টিৰ কালাতলী বজাৰৰ পৰা নতুন কাঠমীলৈ যোৱা প্ৰায় আঢ়ৈ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ নিৰ্মাণৰ ঠিকা লাভ কৰে তাপস কুমাৰ ৰায় চৌধুৰী নামৰ ঠিকাদাৰগৰাকীয়ে৷

দায়িত্বত থকা ঠিকাদাৰগৰাকীয়ে যথাসময়ত পথ নিৰ্মাণৰ কাম আৰম্ভও কৰিছিল৷ কিন্তু ঠিকাদাৰৰ কামৰ প্ৰতি থকা চূড়ান্ত অনীহা আৰু দায়িত্বহীনতাৰ বাবে কাম সম্পূৰ্ণ হোৱা দিনৰ ম্যাদ যোৱা ২৪ ফেব্ৰুৱাৰীত উকলি গৈছে যদিও বৰ্তমানলৈ প্ৰথম পৰ্যায়ৰ কাম শেষ কৰিব পৰা নাই৷ আনহাতে ৰাজ্যত লকডাউন চলি থকাৰ অজুহাত দেখুৱাই ঠিকাদাৰে কাম বন্ধ কৰা বুলি প্ৰকাশ কৰিছে যদিও লকডাউনৰ পূৰ্বৰ পৰাই পথছোৱাৰ নিৰ্মাণকাৰ্য বন্ধ হৈ আছে৷ ইপিনে নিৰ্মাণৰ দায়িত্বত থকা ঠিকাদাৰগৰাকীয়ে কালাতলী বজাৰ-নতুন কাঠমী পথত প্ৰথম অৱস্থাত মাটি পেলাই পথ নিৰ্মাণৰ কাম আৰম্ভ কৰে৷

সম্প্ৰতি এজাক বৰষুণতে পথটো ব্যৱহাৰ অনুপযোগী হৈ পৰা তথা কদৰ্য ৰূপ ধাৰণ কৰাত অঞ্চলটোৰ বৃহৎসংখ্যক ৰাইজৰ লগতে শিক্ষাৰ্থীসকলে যাতায়াতৰ ক্ষেত্ৰত যমৰ-যাতনা ভূগিবলগীয়া হৈছে৷ বকোৰ কালাতলী বজাৰ-নতুন কাঠমী পথৰ নিৰ্মাণকাৰ্য অতিশীঘ্ৰে আৰম্ভ কৰিবলৈ ৰাইজে বিভাগীয় কৰ্তৃপক্ষৰ লগতে দায়িত্বত থকা ঠিকাদাৰৰ ওচৰত দাবী জনাইছে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in