যাত্ৰীবাহী ট্ৰেভেলাৰ আৰু মটৰ চাইকেলৰ মুখামুখী সংঘৰ্ষ, থিতাতে ৩ জনৰ মৃত্যু,৯জন আহত…

যাত্ৰীবাহী ট্ৰেভেলাৰ আৰু মটৰ চাইকেলৰ মুখামুখী সংঘৰ্ষ, থিতাতে ৩ জনৰ মৃত্যু,৯জন আহত…

ডিজিটেল সংবাদ,বকো : কামৰূপ জিলাৰ বকোত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাৰ ফলত থিতাতে ৩ জনকৈ লোকৰ মৃত্যু হোৱাৰ লগতে 9জনকৈ লোক আহত হোৱা ঘটনাই চঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাৰ বিৱৰণী মতে আজি সন্ধিয়া ১৭নং ৰাষ্ট্ৰীয় ঘাইপথেৰে গুৱাহাটীৰ পৰা নগৰবেৰা অভিমুখে গৈ থকা এএচ-০১/ইচি-০৭০৫নম্বৰৰ যাত্ৰীবাহী ট্ৰেভেলাৰ খনে বকো থানাৰ অন্তৰ্গত বন্দাপাৰাত বিপৰীত দিশৰ পৰা অহা নম্বৰ প্লেট নথকা মটৰ চাইকেল এখনত তীব্ৰ গতিৰে খুন্দা মাৰে। ফলত মটৰ চাইকেল অহা আৰোহী এগৰাকী আৰু ট্ৰেভেলাৰৰ দুগৰাকী যাত্ৰী থিতাতে মৃত্যু হয়।

মটৰ চাইকেলৰ মৃত্যু হোৱা এগৰাকী লোক বকো ২নং ছেখাদাৰী মাজপাৰা গাঁৱৰ অজয় ৰাভা(২০ )আৰু ট্ৰৈভেলাৰখনৰ মৃত্যু হোৱা এগৰাকী যাত্ৰী নগৰবেৰাৰ উদ্ধৱ চৌধুৰী বুলি জানিব পৰা গৈছে। এতিয়ালৈকে অৱশ্যে মৃত্যু হোৱা আনগৰাকী লোক এতিয়ালৈকে চিনাক্ত হোৱা নাই। সম্প্ৰতি মৃত্যু হোৱা লোক তিনিগৰাকীৰ মৃতদেহ বকো আৰক্ষীয়ে বকো থানালৈ আনিছে। আনহাতে আহত হোৱা ট্ৰেভেলাৰৰ ৯ গৰাকীক লোকক স্হানীয় ৰাইজে উদ্ধাৰ কৰি চিকিৎসাৰ বাবে বকো প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰায়।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in