বকোৰ ৰে’ল পথত ৰহস্যজনকভাৱে স্কুলীয়া ছাত্ৰৰ মৃতদেহ উদ্ধাৰ…

বকোৰ ৰে’ল পথত ৰহস্যজনকভাৱে স্কুলীয়া ছাত্ৰৰ মৃতদেহ উদ্ধাৰ…

ডিজিটেল সংবাদ, বকো: কামৰূপ জিলাৰ বকোত এগৰাকী মেট্ৰিক পৰীক্ষাৰ্থী ৰে'লৰ সন্মুখত পৰি আত্মহত্যা কৰা ঘটনাই চঞ্চল্যৰ সৃষ্টি কৰিছে । ঘটনাৰ বিৱৰণী মতে কামাখ্যা-যোগীঘোপা ৰে'ল পথৰ বকো থানাৰ অন্তৰ্গত বকো আৰু ধূপধৰা ৰেল ষ্টেচনৰ মাজৰ ৰাজাখাটত শুকুৰবাৰে নিশা দেৱজিত বসুমতাৰী নামৰ মেট্ৰিকৰ পৰীক্ষাৰ্থী গৰাকীৰ মৃতদেহ উদ্ধাৰ হয়।

বকো আৰক্ষীয়ে মৃতদেহটো নিশাৰ ভিতৰতে উদ্ধাৰ কৰি বকো থানালৈ আনে । ধূপধৰাৰ বাগডোবা বেছিমাৰী হাইস্কুলৰ ভিতৰতে বড়ো মাধ্যমৰ অতি মেধাবী ছাত্ৰ তথা মেট্ৰিক পৰীক্ষা পৰীক্ষাৰ্থী দেৱজিত বড়োৰ এনেদৰে ৰসহ্যজনকভাৱে ৰে'ল লাইনত মৃতদেহ উদ্ধাৰ হোৱা ঘটনাক সহজভাৱে ল'ব পৰা নাই ৰাইজে।

মৃতদেহৰ কাষতে চুইচাইড নোট উদ্ধাৰ হৈছে যদিও মৰণোত্তৰ পৰীক্ষাৰ পিছতহে দেৱজিত বড়োৰ মৃত্যুৰ প্ৰকৃত কাৰণ পোহৰলৈ অহাৰ সম্ভাৱনা আছে ।গোৱালপাৰা জিলাৰ ধূপধৰাৰ চুকুনীয়াপাৰা গাঁৱৰ জয়ন্ত বসুমতাৰী নামৰ লোকজনৰ পুত্ৰ তথা মেধাবী ছাত্ৰ দেৱজিত বড়োৰ মেট্ৰিক পৰীক্ষা চলি থকাৰ মাজতে এনেদৰে মৃত্যু হোৱা ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। দুপৰীয়া মেধাবী শিক্ষাৰ্থী গৰাকীৰ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in