বিভিন্ন দাবী আৰু শ্ৰম বিৰোধী নীতিৰ বিৰুদ্ধে মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ তীব্ৰ প্ৰতিবাদ…

বিভিন্ন দাবী আৰু শ্ৰম বিৰোধী নীতিৰ বিৰুদ্ধে মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ তীব্ৰ প্ৰতিবাদ…

ডিজিটেল সংবাদ, বকো : কামৰূপ জিলাৰ বকোত আজি মধ্যাহ্ন ভোজন কৰ্মচাৰী সন্থাই প্ৰাপ্যৰ দাবীত আৰু কেন্দ্ৰীয় চৰকাৰৰ শ্ৰম বিৰোধী নীতিৰ বিৰোধীতাৰে এক বিশাল প্ৰতিবাদী সমদল উলিয়াই আকাশ-বতাহ কঁপাই তোলে ।

৪৮নং বকো বিধান সভা সমষ্টিৰ বকো থানাৰ অন্তৰ্গত বকো গান্ধীমৈদানত প্ৰথমতে বিভিন্ন বিদ্যালয়ত মাননীৰ বিনিময়ত কাম কৰা মধ্যাহ্ন ভোজনৰ কৰ্মচাৰী সকলে গোট খায় ।ইয়াৰ পিচত হাতে হাতে সন্থাৰ দাবী সম্বলিত প্লেকাৰ্ড-ফেষ্টুনলৈ ছমৰীয়া গড়কপ্তানি পথেৰে১৭নং ৰাষ্ট্ৰীয় ঘাইপথত উঠি বকো প্ৰাথমিক শিক্ষাখণ্ড বিষয়াৰ কাৰ্যালয়লৈ অগ্ৰসৰ হয়।

' আমাক প্ৰাপ্য লাগিবই ' , ' মধ্যাহ্ন ভোজন কৰ্মচাৰীক মাননীৰ সলনি দৰমহা দিয়ক ', 'নৰেন্দ্ৰ মোডী হুচিয়াৰ ' ,' সদ্যৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী সন্থা জিন্দাবাদ ' – আদি শ্লোগান দি শ শ কৰ্মচাৰীয়ে অগ্ৰসৰ হওঁতে যানবাহনৰ চলাচল বহু সময়ৰ বাবে বন্ধ হৈ পৰে ।সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী সন্থাৰ বকো সমিতিৰ সভানেত্ৰী লাবণ্য দাস আৰু সম্পাদিকা ফুলো দাসৰ স্বাক্ষৰিত এখন স্মাৰক পত্ৰ বকো প্ৰাথমিক শিক্ষাখণ্ড বিষয়াৰ জৰিয়তে দেশৰ প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰে ।

উল্লেখযোগ্য যে বিভিন্ন বিদ্যালয়ত বছৰ বছৰ ধৰি মধ্যাহ্ন ভোজনৰ কৰ্মচাৰী সকলে সামান্য মাননীৰ বিনিময়ত কাম কৰি আহিছে ।তেওঁলোকে মাননীৰ সলনি দৰমহাৰ উপৰিও কৃষক বিৰোধী আইন বাতিল কৰিবলৈ দাবী জনায়। মধ্যাহ্ন ভোজনৰ কৰ্মচাৰীৰ পৰিয়ালক নিৰাপত্তা প্ৰদানৰ দাবী কৰি শিক্ষানুষ্ঠান সমূহৰ মধ্যাহ্ন ভোজন প্ৰক্ৰিয়া ব্যক্তিগত কৰিবলৈ ওলোৱা সিদ্ধান্তৰ চৰম বিৰোধিতা কৰিছে । আনকি এনে কৰিলে অহা বিধান সভা নিৰ্বাচনত বিজেপি চৰকাৰে চৰম পৰিণতিৰ সন্মুখীন হ'ব বুলিও সকীয়াই দিয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in