বকোত নিশা কোৰোনাত এজনৰ মৃত্যু, দ্বিতীয় ঢৌত এতিয়ালৈকে তিনিজনৰ মৃত্যু…

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল সংবাদ, বকো: মহামাৰী কোৰোনাত কামৰূপ জিলাৰ বকোত আৰু এগৰাকী লোকৰ মৃত্যু হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাৰ বিৱৰণী মতে, ৩০খন বিচনাযুক্ত বকো গ্ৰাম্য চিকিৎসালয়ৰ অন্তৰ্গত বনগাঁৱ বাকাৰাপাৰা গাঁৱৰ কাৰ্তিক ৰাভা (৩০) নামৰ লোকগৰাকীৰ জ্বৰ উঠাত যোৱা ২৪ এপ্ৰিলত পৰীক্ষা কৰোতে কোভিড পজিটিভ ওলাইছিল ।

লোকগৰাকীয়ে সেইদিন ধৰি ঘৰতে হোম কোৱাৰেণ্টাইন আছিল যদিও যোৱা নিশা লোকগৰাকীৰ জ্বৰ বাঢ়ে। ততাতৈয়াকৈ এম্বুলেন্সেৰে গুৱাহাটী চিকিৎসালয়লৈ নিয়ে যদিও নিশা প্ৰায় ১০ বজাত তেওঁৰ মৃত্যু হয় । বিয়লি কাৰ্তিক ৰাভাৰ মৃতদেহ গুৱাহাটীত সৎকাৰ কৰে। কোৰোনাৰ দ্বিতীয় ঢৌত বকোত এতিয়ালৈকে কোভিড পজিটিভ তিনিজনৰ মৃত্যু হ'ল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in