বকোৰ সোণতলীৰ নাজমা-হীৰা মেম’ৰিয়েল পাব্লিক স্কুলৰ প্ৰতিষ্ঠা দিৱস উদযাপন…

বকোৰ সোণতলীৰ নাজমা-হীৰা মেম’ৰিয়েল পাব্লিক স্কুলৰ প্ৰতিষ্ঠা দিৱস উদযাপন…

ডিজিটেল সংবাদ, গৰৈমাৰীঃ কামৰূপ জিলাৰ বকো বিধানসভা সমষ্টিৰ অন্তৰ্গত সোণতলীৰ নাজমা-হীৰা মেম'ৰিয়েল পাব্লিক স্কুলৰ ১১সংখ্যক প্ৰতিষ্ঠা দিৱস মঙলবাৰে দিনজোৰা কাৰ্যসূচীৰে বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত হৈ যায়৷ প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি পুৱা পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বিদ্যালয়খনৰ পৰিচালন সঞ্চালক আজাদ ওচমান গণিয়ে৷

ইয়াৰ পিচত বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ মাজত কুইজ, আকস্মিক বক্তৃতা, ডেন্স, কোৰাণ পাঠ আদি প্ৰতিযোগিতা অনুষ্ঠিত হয়৷ বিয়লি সোণতলী আঞ্চলিক মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক নৌশাদ আহমেদৰ সঞ্চালনাত অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে নাজমা-হীৰা মেম'ৰিয়েল পাব্লিক স্কুলৰ অধ্যক্ষ ময়িদুল ইছলাম বৰাই৷

সভাত ডাঃ কুৰবান আলী আহমেদ, শ্বাহ ছফিউজ জামান, হজৰত আলী, সোণতলী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অৰ্জুন তালুকদাৰ আৰু বিদ্যালয়খনৰ পৰিচালন সঞ্চালক আজাদ ওচমান গণি প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল অংশগ্ৰহণ কৰে৷ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীৰ মাজত অনুষ্ঠিত কৰা প্ৰতিযোগিতাত পাৰদৰ্শিতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হোৱা ছাত্ৰ-ছাত্ৰীক উক্ত সভাতেই বঁটা প্ৰদান কৰা হয়৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in