বকো মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষকক কৃতি শিক্ষকৰ বঁটা প্ৰদান: বাসভৱনত আনন্দ মুখৰ পৰিবেশ…

বকো মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষকক কৃতি শিক্ষকৰ বঁটা প্ৰদান: বাসভৱনত আনন্দ মুখৰ পৰিবেশ…

ডিজিটেল সংবাদ, বকোঃ ৫ ছেপ্টেম্বৰত ৬০ সংখ্যক শিক্ষক দিৱস উপলক্ষে জিলা ভিত্তিত কামৰূপ জিলাৰ বকোত প্ৰধান শিক্ষক এগৰাকীক ৰাজ্যৰ শিক্ষা বিভাগে কৃতি শিক্ষকৰ বঁটা প্ৰদান কৰাত শৈক্ষিক মহল উৎফুল্লিত হৈ পৰিছে । জানিবপৰা মতে ৪৮নং বকো বিধান সভাসমষ্টিৰ অন্তৰ্গত বকো বজাৰৰ মাজমজিয়াত থকা বকো মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক বব্ৰুবাহন ৰাভাক কালি গুৱাহাটীত আনুষ্ঠানিক ভাৱে বঁটা প্ৰদানৰ কৰাৰ পিছত আজি ৰাতিপুৱা প্ৰধান শিক্ষকগৰাকীৰ বকোৰ নামপথাৰ গাঁৱৰ বাসগৃহত আনন্দ মুখৰ পৰিবেশৰ সৃষ্টি হয় । কৃতি শিক্ষকৰ বঁটা লাভ কৰা বব্ৰুবাহন ৰাভাক তেখেতৰ সহধৰ্মিনী বিমলা ৰাভা আৰু বোৱাৰীয়েক মৌচুমী ৰাভাই একোখনকৈ বিহুৱানেৰে সম্বৰ্ধনা জনায় ।

বকোৰ গামেৰীমূৰা মজলীয়া বিদ্যালয়ত ১৯৯৩ ইংবৰ্ষৰ ২০ জুনত শিক্ষকতা জীৱন আৰম্ভ কৰা বব্ৰুবাহন ৰাভাই ২০২০ ইংবৰ্ষৰ ২১ ফেব্ৰুৱাৰীত বকো মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক হিচাপে পদোন্নতি লাভ কৰে । প্ৰধান শিক্ষক গৰাকীয়ে বঁটা গ্ৰহণ কৰি খুবেই আনন্দিত হৈছে বুলি মনৰ ভাৱ প্ৰকাশ কৰে। কোৰোনা মহামাৰীৰ সময়ত বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ ঘৰলৈ গৈ হ'লেও প্ৰশ্ন কাকত দিয়া , শিক্ষা বিভাগৰ পৰা লাভ কৰা শিক্ষণ সামগ্ৰী বিদ্যালয়ত পেলাই নথৈ দৃশ্যমান শিক্ষা দান, মূল্যাংকন শিক্ষা ব্যৱস্থাৰে বিদ্যালয়খনৰ ১৮০ গৰাকী শিক্ষাৰ্থীক শিক্ষাদান কৰাৰ বাবেই কৃতি শিক্ষকৰ দৰে বঁটা দিয়া বুলি তেওঁ ধাৰণা কৰিছে ।

প্ৰধান শিক্ষকগৰাকীৰ ঘৰত আজি হোৱা আনন্দ মুখৰ পৰিৱেশৰ মাজত বৰ্তমানে চৰকাৰী বিদ্যালয়ত দুখীয়া-দৰিদ্ৰ পৰিয়ালৰ ল'ৰা-ছোৱালীয়েহে পঢ়া শুনা কৰে বুলি উল্লেখ কৰি সেই সকল শিক্ষাৰ্থীয়ে কোনো কাৰণতে যাতে পিছপৰি থাকিব নালাগে তাৰবাবে বিদ্যালয়খনৰ অইন অইন শিক্ষকৰ সহযোগত ডেৰ-দুই কিলোমিটাৰ বাট পৰ্য্যন্ত খোজকাঢ়ি গৈ ম'বাইল ফোন নথকা শিক্ষাৰ্থীৰ ঘৰলৈ যোৱা ল'কডাউনৰ দিনবোৰৰ কথা সোঁৱৰাণ কৰি সেই সকল শিক্ষাৰ্থীৰ বাবেই বঁটা লাভ কৰিবলৈ সক্ষম হৈছে বুলিও প্ৰধান শিক্ষক গৰাকীয়ে মনৰ অনুভৱ প্ৰকাশ কৰি বিদ্যালয়খনৰ শিক্ষক আৰু শিক্ষাৰ্থীৰ প্ৰতি কৃতজ্ঞতা জনায়। শিক্ষকতাৰ লগতে কৃষি কাৰ্যত জৰিত প্ৰধান শিক্ষক বব্ৰুবাহন ৰাভাই বিভিন্ন সমাজ-সংগঠনৰ লগতে জাতীয় সংগঠনৰ লগত জৰিত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in