পশ্চিম বংগৰ পৰা হাইজেক কৰি অনা লোহাৰ ৰড ভৰ্তি ট্ৰেইলাৰ সহ চাৰিজনক গ্ৰেপ্তাৰ

পশ্চিম বংগৰ পৰা হাইজেক কৰি অনা লোহাৰ ৰড ভৰ্তি ট্ৰেইলাৰ সহ চাৰিজনক গ্ৰেপ্তাৰ

ডিজিটেল সংবাদ, বকো :কামৰূপ জিলাৰ বকোত হাইজেক কৰি অনা লোহাৰ ৰড ভৰ্তি ট্ৰেইলাৰ সহ চাৰিজন লোকক গ্ৰেপ্তাৰ কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

ঘটনাৰ বিৱৰণী অনুসৰি বকো থানাৰ অন্তৰ্গত ১৭নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু মুহিপাৰা গাঁও সংযোগী গড়কাপ্তানী পথৰ ৰবিন ৰাভাৰ ঘৰৰ সন্মুখত কালি ডব্লিউ বি- ৩৯ বি-৪০৩৩ নম্বৰৰ বৃহৎ আকাৰৰ লোহাৰ ৰড ভৰ্তি ট্ৰেইলাৰ খনৰ ৰখাই ৰডখিনি নমাই থকা একাংশ ৰাইজে প্ৰত্যক্ষ কৰে ।

আনকি ট্ৰেইলাৰখনৰ পৰা ৰডখিনি নমাবলৈ সহযোগ বিচাৰি আৰু কেইগৰাকীমান শ্ৰমিক বিচাৰে । ৰাইজৰ সন্দেহ হোৱাত শ্ৰমিক ৰড নমাই থকা লোক কেইজনক কৰপৰা আহিছে , ক'লৈ যাৱ আদি বিভিন্ন প্ৰশ্ন কৰাত প্ৰশ্ন কৰাত ভয়তে লোক চাৰিজনে দৌৰি পলাবলৈ চেষ্টা কৰে।

ৰাইজে অৱশ্যে চাৰি জনকে কৰায়ত্ব কৰি বকো আৰক্ষী থানাৰ আৰক্ষীক গোটাই দিবলৈ সক্ষম হয় । বকো আৰক্ষীয়ে সেই ঠাইত উপস্থিত হৈ ট্ৰেইলাৰখনত থকা লোক কেইজনক গ্ৰেপ্তাৰ কৰে । আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোক কেইজন হ'ল ক্ৰমে- বঙাইগাঁও জিলাৰ মানিকপুৰ গাঁৱৰ মনচেৰ আলী , নুৰুল ইছলাম, বকো দেওচৰগাঁৱৰ আব্দুল হাই আৰু ছয়গাঁও চাম্পুপাৰা গাঁৱৰ মফিদুৰ ইছলাম।

২৫ লাখ টকা মূল্যৰ লোহাৰ ৰড সহ ট্ৰেইলাৰখন পশ্চিম বংগৰ দূৰ্গাপুৰৰ পৰা হাইজেক কৰি আনি গোলাঘাটলৈ নি আছিল।সম্প্ৰতি লোক কেইজনক বকো আৰক্ষীয়ে অধিক তথ্যৰ বাবে সোধা-পোছা অব্যাহত ৰাখিছে । আনহাতে উল্লেখিত পথটোৰ পৰা এএচ'- ০১ /ডি জেদ- ৪৯৫৬ নম্বৰৰ হোণ্ডাই চেণ্ট্ৰ' এখনো জব্দ কৰি ৰাইজে বকো আৰক্ষীক গোটাই দিছে বুলি জানিব পৰা গৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in