পাহাৰীয়াগাওঁ নামতাৰাবাৰীত প্ৰাকৃতিকভাৱে এৰী পলু পালন..

পাহাৰীয়াগাওঁ নামতাৰাবাৰীত প্ৰাকৃতিকভাৱে এৰী পলু পালন..

ডিজিটেল সংবাদ বকোঃ প্ৰাকৃতিক পৰিৱেশত এৰী পলু পালন কৰা বৰ্তমান সময়ত সাধাৰণতে দেখিবলৈ পোৱা নাযায় । কামৰূপ জিলাৰ বকোৰ পাহাৰীয়া গাঁওবোৰত বহু পৰিয়ালে এতিয়াও কিন্ত সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশত বছৰ বছৰ ধৰি এৰী পলু পালন কৰি আহিছে।

উদাহৰণ হিচাপে ৪৮ নং বকো বিধানসভা সমষ্টিৰ অন্তৰ্গত পাহাৰীয়াগাওঁ নামতাৰাবাৰীত পাভিউচ মাৰাক নামৰ যুৱক এগৰাকীয়ে যোৱা পাঁচ বছৰ ধৰি এৰী পলু পালন কৰি আহিছে। বাৰীৰ এচুকত সুন্দৰকৈ বাঁহ-খেৰেৰে সৰু আৰু আটোমটোকাৰীকৈ বন্ধা এটা ঘৰত এৰী পলু পালন কৰে। এৰী পলুবোৰক পাহাৰৰ এৰাগছৰ পাত খুৱাই এৰী লেটাৰ বাবে শালগছৰ পাতৰ মাজত থৈ যেন যুৱকগৰাকীয়ে এৰী পলু পালনক এক শিল্পলৈ পৰিণত কৰিছে।

যুৱকগৰাকীয়ে জানিবলৈ দিয়া মতে বৰ্তমানে এৰী লেটাৰ বজাৰ মূল্য প্ৰতি কিলোগ্ৰামত ৮০০ ৰ পৰা ৯০০ টকা । এৰী লেটাৰ পৰা উলিওৱা পলুবোৰ বজাৰত ৫০ ৰ পৰা ৮০ টকাকৈ বিক্ৰী হয় । এৰী পলু পালকগৰাকীৰ উৎপাদিত এৰী লেটাসমূহ কাষৰ গামেৰীমূৰা সপ্তাহিক বজাৰ নতুবা নামতাৰাবাৰীগাঁৱৰ চ'কত বিক্ৰী কৰে ।

বৰ্তমান অৱশ্যে এৰী লেটা নতুবা পলুৰ ইমানেই চাহিদা বাঢ়িছে যে ইয়াৰ সৈতে জৰিত ব্যৱসায়ী সকলে ঘৰলৈ গৈ ক্ৰয় কৰে । কোনোধৰণৰ টকা-পইচা নাইবা বিশেষ কষ্ট কৰিব নলগাকৈ পালন কৰিব পাৰি এৰী পলু ।ইয়াৰ উপৰিও পাহাৰীয়া ঠাইবোৰত এৰী পলুৱে খোৱা গছৰ পাতো সহজতে পোৱা যায় । নামতাৰাবাৰীগাঁৱত পাভিউচ মাৰাকৰ উপৰিও বহু লোকে প্ৰাকৃতিক ভাৱে এৰী পলু পালন কৰে ।

এওঁলোকে অতি কৰ্মদক্ষ আৰু পৰিশ্ৰমী।এৰী পলু পালন কৰাৰ উপৰি কল, তামোল, আনাৰস আদি উদ্যান শস্যৰ খেতি কৰে তেওঁলোকে।অথচ চৰকাৰী ভাৱে কোনোধৰণৰ সা-সুবিধা লাভ কৰা নাই । বকোৰ পাহাৰীয়াগাঁৱবোৰৰ এনে লোকসকলোক চৰকাৰে এৰী পলু পালনৰ ক্ষেত্ৰত উপযুক্ত প্ৰশিক্ষণ দি বিজ্ঞান সন্মত ভাৱে এৰী পলু পালনৰ ব্যৱস্হা কৰি দিলে নি:সন্দেহে বকো হৈ পৰি এৰী পলু পালনৰ ক্ষেত্ৰত ৰাজ্যৰ ভিতৰতে অদ্বিতীয় ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in