শেহতীয়া খবৰ
ওৰাঙত এছ এছ বিৰ প্ৰশংসনীয় পদক্ষেপ ! কৈলাশ দেৱালয়ত ১১০ টা গছ পুলি ৰোপন....  •  হৃদ ৰোগত আক্ৰান্ত হৈ কংগ্ৰেছ নেত্ৰীৰ বিয়োগ...  •  চিচিবৰগাঁৱৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে দুজন নিহত...  •  কোভিডৰ সংক্ৰমণৰ বাবে সুক্ষ্ম নিয়ন্ত্ৰণ কেন্দ্ৰ ঘোষণা কৰা অঞ্চলত খাদ্য সামগ্ৰী বিতৰণ...  •  এচিয়াৰ দ্বিতীয় বৃহত্তম হাতীমূৰাস্থিত কলং উত্তোলিত জলসিঞ্চন আঁচনি এতিয়া ধোঁৱাচাঙত...  •  মাইক্ৰ'ফাইনেন্সৰ ঋণ মাফ সৰ্ম্পকত সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ তীব্ৰ প্ৰতিবাদ  •  অসমত পুনৰ ৩৪৬৩জন কোভিড পজিটিভ, ৪২জনে হেৰুৱাইছে প্ৰাণ...  •  মাধ্যমিক শিক্ষাৰ ঠিকাভিত্তিক শিক্ষকে লাভ কৰিব তিনি মাহৰ দৰমহা...  •  মোৰাঝাৰত বিধ্বংসী অগ্নিকাণ্ড! দহ লক্ষাধিক টকাৰ ক্ষয়-ক্ষতি  •  সান্ধ্য আইনত সান্ধ্য ভ্ৰমণ সুখৰ নহ’ল! গীতামন্দিৰলৈ হঠাৎ আহিল আৰক্ষী...

বকোত ৩ দিন ধৰি সন্ধানহীন ব্যক্তিৰ মৃতদেহ উদ্ধাৰ…

ডিজিটেল সংবাদ, বকো: কামৰূপ জিলাৰ বকোত মঙলবাৰে সন্ধানহীন হৈ থকা লোক এজনৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাৰ বিৱৰণী মতে যোৱা ১৬ মে’ৰ নিশা বকো থানাৰ ছমৰীয়া পহৰা চকীৰ অন্তৰ্গত ছমৰীয়াৰ সদা কলিতা(৬০) নামৰ লোকগৰাকী ঘৰৰ পৰাই সন্ধানহীন হয়।

পঢ়িবলৈ ক্লিক কৰকঃ কেজৰিৱাল চৰকাৰে কোৰোনাত পিতৃ – মাতৃ হেৰুওৱা শিশুক প্ৰদান কৰিব মাহে ২৫০০ টকাকৈ…

স্মৃতিহীন ৰোগত আক্ৰান্ত সদা কলিতাৰ পুত্ৰ বিকাশ কলিতাই পিতৃ সন্ধানহীনহৈ পৰা ঘটনা সন্দৰ্ভত পিছদিনা ছমৰীয়া পহৰা চকীৰ আৰক্ষীক লিখিতভাৱে জনায়। মঙলবাৰে ৰাতিপুৱা সদা কলিতাৰ মৃতদেহ ঘৰৰ পিছফালে থকা খাল এটাত উদ্ধাৰ হয় । ছমৰীয়া পহৰা চকীৰ আৰক্ষীয়ে সদা কলিতাৰ মৃতদেহ মৰোনত্তৰ পৰীক্ষা কৰি আনি বিয়লি অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰে ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি