বকোত নাৰীৰ শ্লীলতা হানিৰ চেষ্টা চলোৱা অপৰাধীক গ্ৰেপ্তাৰৰ দাবী মহিলা জাতীয় সেনাৰ..

বকোত নাৰীৰ শ্লীলতা হানিৰ চেষ্টা চলোৱা অপৰাধীক গ্ৰেপ্তাৰৰ দাবী মহিলা জাতীয় সেনাৰ..

ডিজিটেল সংবাদ ছমৰীয়াঃ ৰাজ্যত জঘন্য অপৰাধ জনিত ঘটনা বন্ধ কৰিবলৈ প্ৰশাসনে যিমানে আইন প্ৰণয়ন নকৰক কিয় এচাম ধূৰন্ধৰ লোকে এতিয়াও সংঘটিত কৰি আহিছে জঘন্য ঘটনা। ইয়াৰ মাজতে এইবাৰ এগৰাকী নাৰীৰ শ্লীলতা হানিৰ চেষ্টা চলোৱা অপৰাধীক গ্ৰেপ্তাৰৰ দাবী তুলিছে কামৰূপ জিলাৰ বকোত। প্ৰাপ্ত তথ্য অনুসৰি যোৱা ১৪ নৱেম্বৰত যোৰহাট জিলাৰ এগৰাকী মহিলা কৰ্মসূত্ৰে বকো আৰক্ষী থানাৰ অন্তৰ্গত ছাটাবাৰীৰ জোনমণি বৰাই বকোৰ দক্ষিণ বৰপাৰা গাওঁৰ প্ৰয়াত শৈলেন কলিতাৰ পুত্ৰ ৰূপম কলিতাৰ লগত চিনাকি সুত্ৰে লগ হয়।

ইফালে পূৰ্বৰ পৰাই পৰিকল্পনা কৰি কলিতাই লগৰ বন্ধু পুলক বড়োৰ সৈতে মাটি কিনা বেচাৰ কথা আলোচনা কৰিবলৈ জোনমনি বৰাক গাড়ীত উঠাই ৰাজাপাৰালৈ নিয়ে আৰু হোটেলত অসৎ কাৰ্য্য কৰিবলৈ চেষ্টা কৰে।মহিলা গৰাকীয়ে লোক দুজনে তেওঁক শৰীৰত চুই অপকৰ্ম কৰিব ওলোৱা দেখি জৱৰ দস্তি কৰি হোটেলৰ পৰা পলাই আহে আৰু ঘটনাৰ বিষয়ে আত্মীয়ক জনায়।ইয়াৰ পিছতে জঘন্য কাণ্ডৰ অপৰাধী ৰূপম কলিতা আৰু পুলক বড়োৰ ওপৰত উচিত বিচাৰ কৰিবলৈ বকো আৰক্ষী থানাত এজাহাৰ দাখিল কৰে।

ইফালে জোনমণি বৰাৰ এজাহাৰৰ ভিত্তিত লম্পট চৰিত্ৰৰ ৰূপম কলিতা আৰু পুলক বড়োক বিচাৰি আৰক্ষীৰ লোকে হাবাথুৰি খাইছে যদিও শুংসুত্ৰ পোৱা নাই।আনহাতে বুধবাৰে চাৰি দিন ধৰি অপৰাধী দ্বয়ক আটক কৰিবলৈ সক্ষম নোহোৱাত ক্ষোভিত হৈ দক্ষিণ কামৰূপ জিলা মহিলা জাতীয় সেনাৰ দল এটাই বকো আৰক্ষী থানাত উপস্থিত হয় আৰু আৰক্ষীৰ লগত আলোচনা কৰে। ইয়াৰ পিছতে আৰক্ষীয়ে অপৰাধীক গ্ৰেপ্তাৰৰ প্ৰতিশ্ৰুতি দিয়ে।ঘটনা সন্দৰ্ভত ভূক্তভোগী জোনমণি বৰাই উচিত ন্যায় পোৱাৰ ব্যৱস্থা ল'ৱলৈ আৰক্ষীক আহ্বান জনায় আৰু লম্পট দ্বয় যাতে কোনোপধ্যে সাৰি নাযায় সেইবাবে সংবাদ মাধ্যমৰ জৰিয়তে ব্যক্ত কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in