বকোৰ সোণতলীত বন বিভাগৰ অভিযানঃ জব্দ লক্ষাধিক টকাৰ চোৰাং কাঠৰ কুণ্ডা…

বকোৰ সোণতলীত বন বিভাগৰ অভিযানঃ জব্দ লক্ষাধিক টকাৰ চোৰাং কাঠৰ কুণ্ডা…

ডিজিটেল সংবাদ, ছমৰীয়াঃ পশ্চিম কামৰূপ বন সংমণ্ডলৰ বামুনীগাঁও বন সুৰক্ষা বাহিনীয়ে শনিবাৰে সোণতলীত অভিযান চলাই প্ৰায় লক্ষাধিক টকা মুল্যৰ শাল গছৰ কুণ্ডাৰ লগতে ফলা কাঠ জব্দ কৰিবলৈ সক্ষম হয়। বন বিষয়া ইমতিয়াজ আহমেদৰ নেতৃত্বত বন কৰ্মীৰ দল এটাই গোপন সূত্ৰৰ পম খেদি সোণতলীত অভিযান চলায়।

উল্লেখ্য যে, এই অভিযানৰ খবৰ পাই চোৰাং কাঠ ব্যাৱসায়ীয়ে মাহতলী বজাৰৰ নিলগত ২৩ টা শাল গছৰ কুণ্ডা আৰু ফলা কাঠ ৰাস্তাৰ কাষতে পেলাই থৈ পলায়ন কৰে। জানিব পৰা মতে, এই ঘটনা সম্পৰ্কে বামনীগাওঁ বন সুৰক্ষা বাহিনীৰ দলটোৱে নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ত অৱগত কৰায় আৰু নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক বিষয়াৰ কাৰ্য্যালয়ৰ বনকৰ্মীৰ দল ঘটনাস্থলীত উপস্থিত হৈ কাঠখিনি নগৰবেৰাৰ নদী সংৰক্ষিত বন বিষয়াৰ কাৰ্যালয়ত লৈ যায়।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in