বকোত সন্দেহযুক্ত নাৰী সৰবৰাহকাৰীক গ্ৰেপ্তাৰ…

বকোত সন্দেহযুক্ত নাৰী সৰবৰাহকাৰীক গ্ৰেপ্তাৰ…

ডিজিটেল সংবাদ বকো : কামৰূপ জিলাৰ বকোত বুধবাৰে এগৰাকী সন্দেহযুক্ত নাৰীসৰবৰাহকাৰীক ৰাইজে আটক কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ।ঘটনাৰ বিৱৰণ মতে বকো থানাৰ অন্তৰ্গত বন্দাপাৰা চ'কৰ আশে-পাশে থকা গাঁৱৰ বিভিন্ন মহিলাক ফোন কৰি প্ৰলোভন দি আহিছিল । লোকগৰাকীক ৰাইজে বন্দাপাৰা চ'কত আটক কৰি বকো আৰক্ষীক গটাই দিয়ে। বকো আৰক্ষীয়ে লোকগৰাকীক গ্ৰেপ্তাৰ কৰি বকো থানাত ৰাখিছে। লোকগৰাকীৰ লগত থকা কাগজ পত্ৰৰ ওপৰত ভিত্তি কৰি কলকতাৰ অনুপম বাঘ (২৬) বুলি জানিবপৰা গৈছে । অনুপম বাঘৰ পৰা বহু মহিলাৰ ফটো আৰু মোবাইল নম্বৰ উদ্ধাৰ কৰা হৈছে। অনুপম বাঘৰ ঘৰ পশ্চিমবংগৰ হাউৰাৰ ভাতেঘড়ীত।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in