বকোত সদ্যোঘোষিত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলত ছাত্ৰীৰ আধিপত্য…

বকোত সদ্যোঘোষিত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলত ছাত্ৰীৰ আধিপত্য…

ডিজিটেল সংবাদ,বকো : সদ্যোঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলত দুগৰাকী ছাত্ৰীয়ে কামৰূপ জিলাৰ বকোত অধিক নম্বৰ লাভ কৰি ছাত্ৰীৰ আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছে। দুয়োগৰাকী ছাত্ৰীয়ে ব্যক্তিগত বিদ্যালয়ৰ ছাত্ৰী । ইয়াৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত বকোৰ ভিতৰত অধিক নম্বৰ লাভ কৰা ছাত্ৰীগৰাকী প্ৰাইচী সৰকাৰ ।

বকো শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ছাত্ৰী প্ৰাইচীয়ে নম্বৰ লাভ কৰিছে ৯৬ শতাংশ । বকো ১নং ডাকুৱাপাৰাগাঁৱৰ মনোৰঞ্জন সৰকাৰ আৰু প্ৰণিতা সৰকাৰৰ দ্বিতীয় কন্যা প্ৰাইচীয়ে নম্বৰ লাভ কৰিছে ক্ৰমে – গণিত বিষয়ত ১০০, উচ্চগণিত বিষয়ত ১০০, ইংৰাজী বিষয়ত ৯১ , বিজ্ঞান বিষয়ত ৯৩ , অসমীয়া ৯৬ আৰু সমাজ অধ্যয়ন ৯৬ নম্বৰ লাভ কৰিছে । ছাত্ৰীগৰাকীৰ মতে আশা কৰাতকৈ বিজ্ঞান আৰু ইংৰাজী বিষয়ত নম্বৰ কম পাইছে।

ভৱিষ্যতে চিকিৎসক হোৱাৰ লক্ষ্য প্ৰাইচী সৰকাৰৰ।ক'ভিড কালৰ সময়ত চিকিৎসক সকলে আগবঢ়োৱা সেৱা আৰু পিতৃ মনোৰঞ্জন সৰকাৰে আগবঢ়োৱা সেৱাৰ বিনিময়ত ৰাইজে হৃদয় উজাৰি দিয়া আশীৰ্বাদ দেখি প্ৰাইচীয়ে চিকিৎসক হোৱাৰ প্ৰেৰণা লাভ কৰিছে । প্ৰাইচীৰ বায়েক লীজা সৰকাৰেও চিকিৎসা বিভাগত অধ্যয়ন কৰি আছে । বায়েক লীজাই হাইস্কুল শিক্ষান্ত পৰীক্ষাত লাভ কৰিছিল ৯৩.৩৫ শতাংশ নম্বৰ ।

ৰামানুজন মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা লীজা সৰকাৰে অসমীয়া মাধ্যমৰ ছাত্ৰী হোৱাৰ বাবে মেডিকেল পঢ়াত প্ৰথম অৱস্থাত কিছু অসুবিধা পাইছিল। আনকি হীনমন্যতাত পৰ্যন্ত ভুগিছিল। তেনে পৰিস্থিতিৰ সন্মুখীন নহ'বলৈ প্ৰাইচীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষা দি উঠিয়ে ইউটিউবত চাই চাই ইংৰাজী শিকি লৈছে । কেৱল নম্বৰ লাভৰ বাবে ঘৰুৱা শিক্ষকৰ হেঁচাত বায়েক লীজাই অধ্যায়ন কৰাৰ বিপৰীতে ভণীয়েক প্ৰাচীয়ে পৰীক্ষাৰ সময়ত ঘৰুৱা শিক্ষক অবিহনে পৰীক্ষা দিবলৈ চেষ্টা কৰিছিল।

পৰীক্ষাৰ সময়ত কৃতী ছাত্ৰীগৰাকীয়ে কোনোধৰণৰ নিৰ্দিষ্ট সময় বান্ধি পঢ়া-শুনা কৰা নাছিল। পঢ়াৰ ক্ষেত্ৰত প্ৰাইচীক বিশেষ ভাবে সহায় কৰিছিল পিতৃ-মাতৃ নিকেতনখনৰ আচাৰ্য-আচাৰ্যাই। তথাপিও ছাত্ৰীগৰাকীয়ে পৰীক্ষাৰ ফলাফলৰ ক্ষেত্ৰত গণিত বিষয়ৰ আচাৰ্য নেকিবুৰ জামানৰ নাম বিশেষ ভাবে ল'ব বিচাৰে । বকোক শিক্ষাৰ ক্ষেত্ৰত উজলাই তোলা আনগৰাকী ছাত্ৰী অঞ্জলি দাস। বকো ডনবস্ক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বাণিজ্য শাখাৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষা দি ৮৬ শতাংশ নম্বৰ লাভ কৰা অঞ্জলিৰ ঘৰ বকোৰ ২নং দিলিঙাগাঁৱত ।

হৰমোহন দাস আৰু ববিতা দাসৰ প্ৰথম সন্তান অঞ্জলিয়ে পৰীক্ষাত নম্বৰ লাভ কৰিছে ক্ৰমে – ইংৰাজী বিষয়ত ৮৯ ,ঐচ্ছিক ইংৰাজী বিষয়ত ৮৯, অৰ্থনীতি বিজ্ঞান বিষয়ত ৮৯,বাণিজ্য বিষয়ত ৮৩ , অৰ্থকৰী বিষয়ত ৮০ আৰু গণনা বিষয়ত ৭০ নম্বৰ। হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৬৫ শতাংশ নম্বৰ লাভ কৰা অঞ্জলি দাসে পৰৱৰ্তী পৰ্যায়ত সদ্যোঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৮৬ শতাংশ নম্বৰ লাভ কৰাৰ আঁৰত মাকৰ মোবাইলত অনুপ্ৰাণিত হোৱা ভিডিঅ চাই বহু ক্ষেত্ৰত উপকৃত হৈছিল।

ইয়াৰ উপৰিও কোনোধৰণ চিন্তা নকৰাকৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাত বহা অঞ্জলি দাসে উচ্চতৰ মাধ্যমিক পৰীক্ষা দিয়া দুটা বছৰ সম্পূৰ্ণৰূপে সাজুহৈ পৰীক্ষাত বহিছিল।  সকলো কথা ইতিবাচক দৃষ্টিভংগীৰে চোৱা ছাত্ৰীগৰাকীয়ে পঢ়িবলৈ বহাৰ আগে আগে দেউতাৰ নাম বহীত লেখিলৈ অনুপ্ৰাণিত হয়।  ভৱিষ্যতে লোক সেৱা আয়োগত চাকৰি কৰাৰ মন থকা ছাত্ৰীগৰাকীয়ে সকলো সময়তে মাকৰ নিৰ্দেশ মতে চলে । অৰ্থনৈতিক ভাবে দুৰ্বল পৰিয়ালৰ অঞ্জলিয়ে উচ্চতৰ মাধ্যমিক পৰীক্ষা দি উঠি গুৱাহাটীৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ এখনত শিক্ষকতা কৰিছে । শিক্ষকতা কৰাৰ বিনিময়ত বিদ্যালয়খনৰ পৰা লাভ কৰা মাননীৰে কম্পিউটাৰ শিকি লৈছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in