বকোৰ হেকৰাৰ এটি দেৱশিশুৰ চিকিৎসাৰ বাবে সহায়ৰ প্ৰয়োজন…

বকোৰ হেকৰাৰ এটি দেৱশিশুৰ চিকিৎসাৰ বাবে সহায়ৰ প্ৰয়োজন…

ডিজিটেল ডেস্কঃ দক্ষিণ কামৰূপৰ হেকৰাৰ এজনী কনমানিৰ জীৱনলৈ নামি আহিছে কাল অমানিশা।উল্লেখ্য যে বকো থানাৰ অন্তৰ্গত হেকৰা গাওঁৰ শ্ৰী দেৱৰাজ দাস আৰু শ্ৰী মতী লিপিকা দাসৰ একমাত্ৰ কন্যা সন্তান কৃষিকা দাস এক জটিল ৰোগত আক্ৰান্ত হৈ বিগত প্ৰায় ২০ দিন ধৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

উল্লেখ্য যে দেৱৰাজ দাস আৰু লিপিকা দাসৰ একমাত্ৰ ছয়মহীয়া কন্যা সন্তান কৃষিকাৰ উন্নত চিকিৎসাৰ বাবে প্ৰয়োজন হৈছে বহুত লক্ষ্যাধিক টকা।কনমানি কৃষিকাৰ চিকিৎসাৰ নামত পিতৃয়ে সকলো ধন ব্যয় কৰিছে যদিও পৰবৰ্তী উন্নত চিকিৎসাৰ নামত প্ৰয়োজন হৈ পৰিছে বহুত লক্ষ্য টকাৰ।জানিব পৰা মতে সীমীত উপাৰ্জনেৰে পৰিয়াল পোহপাল দি থকা পিতৃৰ উপায়হীন অৱস্থা হৈ পৰিছে।

উল্লেখ্য যে পিতৃ দেৱ দাসে কোনো সদাশয় ব্যক্তি তথা মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াক আৰ্থিকভাবে তেওঁলোকক সহায় কৰি কণমাণি দেৱশিশুটিৰ জীৱন সুস্থ কৰি তুলিবৰ বাবে অনুৰোধ জনাইছে।

কৃষিকাৰ পিতৃৰ যোগাযোগ নম্বৰ – 7086330214
বেংক একাউণ্ট::-
SBI LUKI BRANCH
A/C No – 39514384111
IFSC CODE – SBIN0007389

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in