বকোত কৃষি বিভাগৰ কৰ্ম-কাণ্ডই হতাশ কৰিছে উদ্যমী যুৱ কৃষকক…

বকোত কৃষি বিভাগৰ কৰ্ম-কাণ্ডই হতাশ কৰিছে উদ্যমী যুৱ কৃষকক…

ডিজিটেল সংবাদ, বকো: কামৰূপ জিলাৰ বকোত এগৰাকী উদ্যমী যুৱ খেতিয়কক কৃষিবিভাগে কৃষি ভূমিত প্ৰয়োজনীয় পানী যোগানৰ বাবে পাম্পছেট দিয়াৰ নামত প্ৰায় এবছৰে পাম্পছেট নিদিয়া ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ঘটনাৰ বিৱৰণী মতে, বকো কৃষি মহকুমাৰ অন্তৰ্গত বাঁহজানীগাঁৱৰ কৃষক নলিনী কলিতাই কৰা কৃষি বিভাগত কৰা আবেদন মতে শুকুৰবাৰৰ পৰা প্ৰায় এবছৰ আগতে খেতিয়কক গৰাকীৰ বাৰীত চেল' টিউবেলৰ বাবে বৰিং কৰে।

বৰিং কৰাৰ পিছতে বিভিন্ন বিষয়ত প্ৰশিক্ষণ গ্ৰহণ কৰা যুৱ খেতিয়কগৰাকীয়ে অতি উদ্যমেৰে গাঁঠিৰ ধনখৰচ কৰি কুঁচিয়া পালন কৰা টেংকী নিৰ্মাণ কৰাৰ উপৰিও নেমু-তামোল আদি গছৰপুলি ৰোপনৰ ব্যৱস্থা গ্ৰহণ কৰে। কিন্তু পানীৰ অভাৱত খেতিয়ক গৰাকীৰ সেই সকলো পৰিকল্পনা সমূলি শেষ হৈ গৈছে। আনকি টকা-পইচা খৰচ কৰি ৰোপনৰ ব্যৱস্থা গ্ৰহণ কৰা পুলিবোৰ পানীৰ অভাৱত ইতিমধ্যে মৰহি গৈছে, এনেই নষ্ট হৈ যায়।

যোৱা ২০১৯বৰ্ষৰ ২১ চেপ্টেম্বৰতে পাম্পছেটৰ বাবে কৃষক নলিনী কলিতাই বেঙ্কৰ যোগেদি ৫৪২৫টকা কৃষি বিভাগক দিছে যদিও বকো কৃষি মহকুমা কাৰ্যনিৰ্বাহ তাঁতবাতি কাঢ়িও আজিৰ তাৰিখলৈ পাম্পছেট লাভ কৰা নাই । আনহাতে কৃষক গৰাকীৰ বাৰীত পাম্পছেটৰ বাবে বৰিং কৰা সা-সামগ্ৰী খিনিও কবিবাৰীৰ চৌৰ দৰে পৰি আছে । ইমান দিন আগতে বৰিং কৰা সেইখিনিও ভালে নাই বুলি কৃষি গৰাকীয়ে আশংকা ব্যক্ত কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in