ভাড়াতীয়া কৰ্মচাৰীৰে চলিছে বিদ্যুৎ বিভাগ, মাচুল দিয়াৰ আগত ১০০ বাৰ ভাৱক !

ভাড়াতীয়া কৰ্মচাৰীৰে চলিছে বিদ্যুৎ বিভাগ, মাচুল দিয়াৰ আগত ১০০ বাৰ ভাৱক !

ডিজিটেল সংবাদ,বকোঃ কামৰূপ জিলাৰ বকোত এখন গাঁৱৰ ৬৫ টা পৰিয়ালৰ ঘৰৰ পৰা বিদ্যুৎ বিচ্ছিন্ন কৰা ঘটনাক কেন্দ্ৰ কৰি মংগলবাৰে উত্তপ্ত হৈ পৰে পৰিস্থিতি। ঘটনাৰ বিৱৰণ মতে শক্তি বিভাগৰ বকো বৈদ্যুতিক উপ-সংমণ্ডলৰ অধীনৰ দলাগাওঁ ডুবাপাৰা নামৰ গাঁও খনৰ ৬৫ টা পৰিয়ালে বিদ্যুৎ মাচুল আদায় নিদিয়াৰ অজুহাতত যোৱা ২৪ অক্টোবৰত বিদ্যুৎ বিভাগৰ কৰ্মচাৰীয়ে বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰে।

গাঁওখনৰ ৰাইজে জানিবলৈ দিয়া মতে যোৱা ২০ অক্টোবৰত পৰিয়াল কেইটাই বকো বৈদ্যুতিক উপ-সংমণ্ডলৰ কৰ্মচাৰী ৰোমজান আলীৰ হাতত বিদ্যুৎ মাচুল আদায় দিছিল। কিন্ত ইয়াৰ পিছতো পৰিয়াল কেইটাৰ ঘৰৰ পৰা বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰাত ক্ষোভিত পৰিছে লোক সকল। ক্ষোভিত জনসাধাৰনে  শক্তি বিভাগৰ বকো বৈদ্যুতিক উপ-সংমণ্ডললৈ গৈ বিভাগটোৰ বিষয়া-কৰ্মচাৰীক বিভিন্ন বাক্য বানেৰে পৰিস্থিতি উত্তপ্ত কৰি তোলে।

 অভিযোগ মতে প্ৰথম অৱস্থাত বকো বৈদ্যুতিক উপ-সংমণ্ডলৰ বিষয়া এগৰাকীয়ে বিদ্যুৎ মাচুল সংগ্ৰহ কৰা ৰোমজান আলী কাৰ্যালয়টোৰ কৰ্মচাৰী নহয় বুলি ৰাইজক জনাইছিল যদিও পিছ মূৰ্হুত্বত সেইগৰাকী ৰোমজান আলীৰ হাতৰ পৰা কাৰ্যালয়টোৰ বিষয়াগৰাকীয়ে মাচুল আদায় লোৱা দেখি ৰাইজ আচৰিত হৈ পৰে। বিষয়াগৰাকীয়ে অৱশ্যে পিছত ৰোমজান আলীয়ে শক্তি বিভাগৰ বকো বৈদ্যুতিক উপ-সংমণ্ডলৰ অনুমতি সাপেক্ষে বিদ্যুৎ মাচুল আদায় কৰি আহিছে বুলি স্বীকাৰ কৰে।

পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে বিষয়াগৰাকীয়ে অনতি পলমে গাঁৱখনৰ পৰিয়াল কেইটাক বিদ্যুৎ সংযোগ দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাত ৰাইজ শান্ত হয়। অৱশ্যে ৰোমজান আলীৰ হাতত দিয়া বহু মাহৰ বিদ্যুৎ মাচুল কাৰ্যালয়ত জমা হোৱা নাই বুলিও অভিযোগ কৰিছে একাংশ ৰাইজে  ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in