পহিলা ব’হাগৰ দিনাই বকোত দীক্ষিতা চুইটচ এণ্ড বেকাৰীৰ বিশেষ অনুষ্ঠান…

পহিলা ব’হাগৰ দিনাই বকোত দীক্ষিতা চুইটচ এণ্ড বেকাৰীৰ বিশেষ অনুষ্ঠান…

ডিজিটেল সংবাদ, বকো: পহিলা ব'হাগৰ দিনাই কামৰূপ জিলা বকো বজাৰৰ সমীপতে থকা চাহ-মিঠাই আৰু ভোজনালয়ৰ প্ৰতিষ্ঠান দীক্ষিতা চুইটচ এণ্ড বেকাৰীৰৰ স্বত্বাধিকাৰী জনাৰ্দন বড়োৰ একক প্ৰচেষ্টাত গীত-নৃত্য ,কবিতা আবৃত্তিৰ লগতে বঁটা বিতৰণী অনুষ্ঠান অনুষ্ঠিত কৰে। দীক্ষিতা চুইটচ এণ্ড বেকাৰীৰ কাষতে অনুষ্ঠিত কৰা এই বিশেষ অনুষ্ঠানৰ সঞ্চালনা কৰে গৌৰাঙ্গ চৌধুৰীয়ে । অনুষ্ঠানত বিশিষ্ট ব্যক্তি হিচাপে অংশ গ্ৰহণ কৰে দুধনৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ ললিত ৰাভা, বকো জৱাহৰলাল নেহৰু মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মূৰব্বী অধ্যাপক ড৹ প্ৰানেশ্বৰ নাথ , অৱসৰপ্ৰাপ্ত বনবিষয়া প্ৰহ্লাদ বড়ো , শিক্ষক স্বাধীন বড়ো , শিক্ষক ৰূপেন ৰাভাকে ধৰি বহু বিশিষ্ট ব্যক্তিয়ে ।

নিজৰ নিজৰ ভাষণত প্ৰতিগৰাকী বিশিষ্ট ব্যক্তিয়ে জনাৰ্দন বড়োৰ এই প্ৰচেষ্টাক একে মুখে শলাগ লয় । কেৱল ব্যৱসায়ৰ নামত ব্যৱসায় কৰাৰ সলনি নতুন প্ৰজন্মক প্ৰতিভা আৰু দক্ষতা বিকাশৰ যি সুযোগ প্ৰদান কৰাৰ বাবে আজিৰ অনুষ্ঠানত অংশ গ্ৰহণ কৰা প্ৰতিগৰাকী লোকেই জনাৰ্দন বড়োৰ শলাগ লয় । বকো জৱাহৰলাল নেহৰু মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ড৹ প্ৰানেশ্বৰ নাথে দীক্ষিতা চুইটচ এণ্ড বেকাৰী প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী জনাৰ্দন বড়োক একালৰ নিজৰ ছাত্ৰ বুলি গৌৰৱ অনুভৱ কৰে ।

অসমৰ কোনো চাহ দোকানতে পঢ়ুৱৈৰ বাবে বাতৰি কাকত , আলোচনী ৰখাৰ ব্যৱস্হা নাই অথচ দীক্ষিতা চুইটচ এণ্ড বেকাৰীত এই বোৰৰ ব্যৱস্হা কৰি এক বিশেষ উদাহৰণহৈ পৰিছে বুলি নিজৰ ভাষণত উল্লেখ কৰে । ইয়াৰ লগতে ব্যৱসায় প্ৰতিষ্ঠানখনত মহৎ লোকৰ ফটো আৰু বাণী লিপিবদ্ধ কৰাৰ উপৰিও লেখকৰ লিখনি ,চিত্ৰশিল্পীৰ ছবি ৰাইজৰ মাজলৈ নিয়াৰ বাবে প্ৰতিষ্ঠানখনৰ সন্মুখতে 'কলা-বীথিকা' আৰু 'কাব্য কানন' প্ৰকাশৰ যি ব্যৱস্হা কৰি আহিছে এনে ব্যৱস্হা তেওঁ অইন ঠাইত দেখা নাই বুলিও তেওঁ কয় ।

জনাৰ্দন বড়োৰ এনে প্ৰচেষ্টা প্ৰশংসনীয় আৰু আদৰণীয় বুলিও অধ্যাপকগৰাকীয়ে শলাগ লয় । বুধবাৰে তৃতীয় বৰ্ষত প্ৰকাশ কৰা 'কলা-বীথিকা', 'কাব্য কানন- ১' আৰু 'কাব্য কানন- ২' ৰ শুভ উন্মোচন কৰে ক্ৰমে – ড৹প্ৰানেশ্বৰ নাথ , প্ৰহ্লাদ বড়ো আৰু স্বাধীন বড়োই । বুধবাৰৰ অনুষ্ঠানত যোৱা ৪ এপ্ৰিলত দীক্ষিতা চুইটচ এণ্ড বেকাৰীয়ে আয়োজন কৰা কবিতা, চিত্ৰাংকন প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰা বিজয়ীসকলক ট্ৰফি , প্ৰমাণপত্ৰ আৰু নগদধন প্ৰদান কৰে।

চিত্ৰাংকণ প্ৰতিযোগিতাৰ (ক) শাখাত প্ৰথম দামালচোছৰ বালাপথাৰ প্ৰাথমিক বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ সুৰুজ ৰাভা , দ্বিতীয় ছয়গাঁৱ চেইণ্ট লুইচ হাইস্কুলৰ পঞ্চম শ্ৰেণীৰ শ্ৰেয়াস কাশ্যপ আৰু তৃতীয় পুৰস্কাৰ লাভ কৰিছে বকো ডন বস্ক' হায়াৰব চেকেণ্ডাৰী স্কুলৰ পঞ্চম শ্ৰেণীৰ শিক্ষাৰ্থী কৃষ্টিকা ৰাভাই লাভ কৰে । চিত্ৰাংকণ প্ৰতিযোগিতাৰ (খ) শাখাৰ পুৰস্কাৰ লাভ কৰিছে – প্ৰথম বকৌ ডন বস্ক' হায়াৰ চেকেণ্ডাৰী স্কুলৰ নৱম শ্ৰেণীৰ নিভৃত আকাশ চৌধুৰী, দ্বিতীয় পুৰস্কাৰ ছয়গাঁৱ মহাবিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ নিখিল ৰাভা আৰু তৃতীয় পুৰস্কাৰ লাভ কৰিছে বকো ডন বস্ক' হায়াৰ চেকেণ্ডাৰী স্কুলৰ অষ্টম শ্ৰেণীৰ শিক্ষাৰ্থী গাৰ্গী ৰাভাই ।

কবিতা লিখা প্ৰতিযোগিতাত প্ৰথম বকো জৱাহৰলাল নেহৰু মহাবিদ্যালয়ৰ স্নাতক পঞ্চম ষান্মাসিকৰ মনিষা কলিতা আৰু দ্বিতীয় পুৰস্কাৰ লাভ কৰে বকো ডন বস্ক' হায়াৰ চেকেণ্ডাৰী স্কুলৰ অষ্টম শ্ৰেণীৰ শিক্ষাৰ্থী গাৰ্গী ৰাভাই । বুধবাৰৰ অনুষ্ঠানত বিশেষ ভাৱে সক্ষম শিল্পী মানিক বৰদলৈ , ৰাজ্যিক পৰ্যায়ত স্বীকৃতি লাভ কৰা কণ্ঠশিল্পী ডেভিদ তামুলী, শিশু শিল্পী দীক্ষিতা বড়ো , দীক্ষিতা ৰাভা ,ধৰিত্ৰী বড়ো , শিখা দাস , মনজিষ্ঠা ৰাভাই গীত – নৃত্য পৰিবেশন কৰে ।

অনুষ্ঠানৰ শেষত সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ " মানুহে মানুহৰ বাবে….." বিখ্যাত গীতটো একেলগে পৰিবেশন কৰে । উল্লেখযোগ্য যে, বিখ্যাত চিত্ৰশিল্পী লিউনাৰ্ডো দ্যা ভিন্সিৰ জন্ম দিনত দীক্ষিতা চুইটচ এণ্ড বেকাৰীৰ স্বত্বাধিকাৰী জনাৰ্দন বড়োই এই অনুষ্ঠান অনুষ্ঠিত কৰি আহিছে ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in