বকোৰ দাৰেং পাহাৰৰ নিজৰাক লৈ এক প্ৰস্তাৱ : ১২ মাহে সেউজীয়া কৰিব পাৰিব খেতিপথাৰ…

বকোৰ দাৰেং পাহাৰৰ নিজৰাক লৈ এক প্ৰস্তাৱ : ১২ মাহে সেউজীয়া কৰিব পাৰিব খেতিপথাৰ…

ডিজিটেল সংবাদ, বকো: কামৰূপ জিলাৰ বকো ৰ শিঙুৱা নদীৰ নামপথাৰ শিঙুৱা জলসিঞ্চন প্ৰকল্পৰ নিৰ্মাণ কাৰ্য যোৱা আঠ বছৰে সম্পূৰ্ণ নহ'ল। জলসিঞ্চন প্ৰকল্পটো নিৰ্মাণৰ নামত হোৱা দূৰ্নীতিৰ বিৰুদ্ধে 'অসমীয়া প্ৰতিদিন'ৰ পৃষ্ঠাত ইতিমধ্যে সবিস্তৰে প্ৰকাশ পাইছে ।পৰিতাপৰ বিষয় যে ইয়াৰ পিছতো কিন্তু জলসিঞ্চন বিভাগৰ দায়িত্বত থকা মন্ত্ৰীগৰাকীয়ে প্ৰকল্পটো নিৰ্মাণ নামত হোৱা দূৰ্নীতিৰ তদন্ত কৰা গাধপুতা ছয়খনগাঁও বান্ধ ডোং সমিতি নাইবা খেতিয়ক ৰাইজৰ দৃষ্টিগোচৰ হোৱা নাই । ২০১২-১৩ বিত্তীয় বৰ্ষৰ ছয়কোটি টকা ৰাজহুৱাধন খেতিয়কৰ নামত শৰাধ কৰিলে সেই কথা কাৰোৱে বুজিবলৈ বাকী নাই ।

দেশৰ পাঁচখন ৰাজ্যৰ ভিতৰত অসমকো এখন ৰাজ্য হিচাপে গঢ়িতোলাৰ সংকল্প গ্ৰহণ কৰি শাসনৰ গাদীত বহা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনে নামপথাৰ শিঙুৱা জলসিঞ্চন প্ৰকল্পটোৰ নামত হোৱা দূৰ্নীতিৰ তদন্ত কৰিলে ঠিকাদাৰ, বিষয়া-কৰ্মচাৰীৰ লগতে কোনোবা দিশপুৰীয়া বৰমূৰীয়া জালত পৰাৰ শংকাতে তদন্তৰ পদক্ষেপ গ্ৰহণ কৰা নাই সেইকথা খেতিয়ক ৰাইজে বুজি উঠিছে। গাধপুতা ছয়খন গাঁও বান্ধ ডোং সমিতিয়ে জলসিঞ্চন প্ৰকল্পটো নিৰ্মাণৰ নামত হোৱা দূৰ্নীতিৰ তদন্তৰ দাবীত বকো ৰাজহ চক্ৰ বিষয়া, কামৰূপ জিলা উপায়ুক্ত আৰু জলসিঞ্চন বিভাগৰ গুৱাহাটী সংমণ্ডলৰ মুখ্যঅভিযন্তাৰ ওচৰত লিখিত আবেদন জনাইছিল।

সমিতিখনৰ সেই আবেদন চৰকাৰী ৰঙাফিটাৰ মেৰপেচত আবদ্ধ । প্ৰচুৰ সম্ভাৱনাপূৰ্ণ বিস্তৃৰ্ণ খেতিপথাৰ থকাৰ পাছতো খেতিয়ক সকলে সম্প্ৰতি বৰষুণৰ পানী আৰু দাৰেং পাহাৰৰ নিজৰা এটাৰ পৰা বৈ অহা পানীৰ ওপৰত নিৰ্ভৰ কৰিয়ে খেতি কৰিব লগা হৈছে । শিঙুৱা নদীৰ দুয়োকাষে থকা খেতিপথাৰ সমূহত নৈখনৰ পৰা পানীবোৱাই আনিবলৈ জলসিঞ্চন প্ৰকল্পটোৰ নামত যিমান পৰিমাণৰ ৰাজহুৱাধন খৰচ কৰিছে সেই পৰিমাণৰ ধনৰ চাৰিভাগৰ একাংশ ধন খৰচ কৰি দাৰেং পাহাৰখনৰ নিজৰাৰ পানী ভালদৰে বোৱাই আনিব পাৰিব ।

ইতিমধ্যে খেতিয়কসকলে নিজৰ শ্ৰমেৰে সামৰ্থ অনুযায়ী সেইকাম কৰি দেখুৱাইছে। বছৰৰ বাৰমাহে কম-বেছি পৰিমাণে নিজৰাটোৰ পৰা খেতি পথাৰলৈ পানী বৈ আহে । উপযুক্ত আৰু বিজ্ঞান সন্মতভাৱে নিজৰাটোৰ পানী জলসিঞ্চন বিভাগে খেতিপথাৰলৈ বোৱাই অনাৰ ব্যৱস্হা কৰিলে বকোত কৃষি বিপ্লৱৰ সূচনা কৰাত এনে ব্যৱস্হা অন্যতম ভূমিকা হ'ব সেয়া নিশ্চিত । উল্লেখ্য যে, বকোৰ নামপথাৰ শিঙুৱা জলসিঞ্চন প্ৰকল্পটো নিৰ্মাণৰ নামত কৰা ভেঁকোভাওনাৰ বাবে খেতিয়কে খেতিপথাৰত পানী লাভ নকৰে ।

কেৱল ৰাজকোষৰ ধন আত্মসাৎৰ উদ্দেশ্যৰে প্ৰকল্পটোৰ নিৰ্মাণ কাম কৰাত কেনেলবোৰ খহি যাব ধৰিছে । কেনেলৰ কিছু অংশ যদি পকী কৰি নিৰ্মাণ কৰিছে কিছু অংশ মাটিৰে নিৰ্মাণ কৰি থৈছে । সেই অংশবোৰ বাৰে বাৰে খহিছে আৰু বাৰে বাৰে ৰাইজক ফাঁকি দিবলৈ মেৰামতি কৰিছে । অথচ সেই কেনেলবোৰেৰে খেতিপথাৰলৈ পানী বৈ থাকে । প্ৰকল্পটোৰ পৰা পানী বৈ আহিবলৈ নিৰ্মাণ কৰা মূল ডোংটো জীৱ-জন্তু ইপাৰ-সিপাল হ'বলৈ উপযুক্ত ভাৱে কেটেল ক্ৰচিং নিৰ্মিণ কৰা নাই ।

আটাইতকৈ ডাঙৰ কথা জলসিঞ্চন প্ৰকল্পটোৰ কাষেৰে বনৰীয়া হাতী অহা-যোৱা কৰা এটা পথ আছে । বনৰীয়া হাতী পাৰ হ'ব পৰাকৈ জলসিঞ্চন বিভাগে কোনোধৰণৰ ব্যৱস্হা ৰখা নাই । গাধপুতা ছয়খন গাঁৱ বান্ধ ডোং সমিতিয়ে জলসিঞ্চন প্ৰকল্পটো নিৰ্মাণৰ সবিশেষ বিচাৰি ২০১৮ ইং বৰ্ষতে তথ্য জনাৰ অধিকাৰ আইনৰ কাষ চাপিছিল যদিত বিভাগটোৱে তথ্য দিয়াৰ নামত খৰছ কৰা ধনৰ পৰিমাণ আৰু ১নম্বৰ পৃষ্ঠাৰ পৰা ৭নম্বৰ পৃষ্ঠালৈ নিদিয়াই জলসিঞ্চন প্ৰকল্পটো নিৰ্মাণৰ নামত ব্যাপক দূৰ্নীতি হৈছে সেই কথাকে প্ৰমাণ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in