ছয়গাঁওত কংগ্ৰেছ দলৰ নিৰ্বাচনী ৰণশিঙা…

ছয়গাঁওত কংগ্ৰেছ দলৰ নিৰ্বাচনী ৰণশিঙা…

ডিজিটেল সংবাদ,বকো : কামৰূপ জিলাৰ ছয়গাঁৱত বৃহস্পতিবাৰে কংগ্ৰেছ দলৰ 'অসম বচাওঁ আহক ' কাৰ্যসূচীৰে সমাগত বিধান সভা নিৰ্বাচনৰ ৰণশিঙা বজায়।৪৯নং ছয়গাঁৱ বিধান সভা সমষ্টিৰ অন্তৰ্গত বনগাঁৱৰ শান্তি নিজৰা ক্লাৱত ৰাষ্ট্ৰীয় ৰাজনৈতিক দলটোৰ কাৰ্যসূচীৰ 'বুথ সংকল্প শিবিৰ' – শীৰ্ষক নামাকৰণেৰে ৰাজনৈতিক দলটোৰ ৰথী-মহাৰথী সকলে একত্ৰিতহৈ বিজেপ দলৰ বিৰুদ্ধে ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলায়। ভক্তিমূলক গীতেৰে কাৰ্যসূচী আৰম্ভ কৰাৰ পিছতে কংগ্ৰেছ দলৰ কেম্পেইন কমিটীৰ সভাপতি তথা নগাঁও লোক সভা সমষ্টিৰ সাংসদ প্ৰদুৎ বৰদলৈয়ে বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰখনৰ লগতে ৰাজ্য চৰকাৰৰ কাম-কাজক তীব্ৰ সমালোচনা কৰে ।

কেন্দ্ৰীয় চৰকাৰে দেশবাসীক প্ৰতিশ্ৰুতি প্ৰদান কৰা প্ৰতিগৰাকী নাগৰিকে পোন্ধৰ লাখকৈ টকা আৰু দুই কোটি নিবনুৱাই সংস্থাপন লাভ কৰিলে নে বুলি বৰদলৈয়ে বিজেপি দলৰ চৰকাৰখনক প্ৰশ্ন উত্থাপন কৰে। ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক চুড়ান্ত মিছলীয়া আখ্যা প্ৰদান কৰি কংগ্ৰেছ চৰকাৰৰ দিনত হোৱা সাৰদা কেলেংকাৰী, লুইজবাৰ্জাৰ কেলেংকাৰীকে ধৰি প্ৰতিটো কেলেংকাৰীত হিমন্ত বিশ্ব শৰ্মা জড়িত বুলি আঙুলি টোৱাই হিমন্ত বিশ্ব শৰ্মাই বিজেপিত যোগদান কৰাৰ পিছত দলটোৱে গঙ্গাৰ পানীৰে ধুই লৈছে বুলি ব্যঙ্গ কৰে ।

অসমত চিণ্ডিকেট ৰাজ চলোৱা চৰকাৰৰখন সমাগত বিধান সভা নিৰ্বাচনত বিধ্বস্ত হ'ব বুলি দৃঢ়তাৰে কৰে । সভাখনত কংগ্ৰেছ দলটোৰ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্য্যায়ৰ লগতে মেঘালয় ৰাজ্যৰ ৰথী-মহাৰথীয়ে এই বাৰ অসমত কংগ্ৰেছ চৰকাৰ নিশ্চিত বুলি আশা প্ৰকাশ কৰে । অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভানেত্ৰী নন্দিতা দাস, মেডিয়া চেলৰ অধ্যক্ষা ববিতা শৰ্মা, প্ৰাক্তন সাংসদ ৰাণী নৰহ , ছয়গাঁওৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ, মেঘালয় প্ৰদেশ কংগ্ৰেছ কমিটীৰ কাৰ্যকৰী সভাপতি জেমচ লিংডো, সৰ্বভাৰতীয় পৰ্যায়ৰ যুৱ নেতা শ্ৰী নিবাস ,ৰাজেন্দ্ৰ শুক্লা, নুৰুল হুদা, জাকিৰ হুছেইন শিকদাৰকে ধৰি প্ৰতিগৰাকী কংগ্ৰেছী নেতাই এইবাৰ বিজেপি চৰকাৰৰ পতন অনিবাৰ্য বুলি দৃঢ়তাৰে কয়। জাতি, মাটি ৰক্ষাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা চৰকাৰৰখনে শাসনৰ গাদী দখল কৰিয়ে অসমৰ মাটি বাংলাদেশক এৰি দিয়াকলৈও তীব্ৰ সমালোচনা কৰে ।

সভাখনত কণ্ঠশিল্পী অজয় ফুকনে দুটাকৈ গীত পৰিবেশন কৰি নেতা-কৰ্মী সকলোক উৎসাহিত কৰিবলৈ চেষ্টা কৰে। কোনো কাৰণে নাগৰিকত্ব সংশোধনী বিধেয়ক আইন মানি লোৱা নহ'ব বুলি আজিৰ সভাই ঘোষণা কৰি কংগ্ৰেছ চৰকাৰ আহিলে 'কা ' বাতিল কৰাই প্ৰথম লক্ষ্য হ'ব আৰু ছয়গাঁৱৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে মন্ত্ৰীত্ব লাভ কৰিব বুলিও ঘোষণা কৰে। 'কা আমি নামানো ', ' বিজেপি গ' বেক' , ' ৰেকিবুদ্দিন জিন্দাবাদ ' আদি শ্লোগান দি সভাখনক নিৰ্বাচন মুখৰ কৰি তোলে ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in