বকোত শিশু দিৱস পালন আৰু কুইজ আৰু চিত্ৰাংকন প্ৰতিযোগিতা আয়োজন…

বকোত শিশু দিৱস পালন আৰু কুইজ আৰু চিত্ৰাংকন প্ৰতিযোগিতা আয়োজন…

ডিজিটেল সংবাদ, ছমৰীয়াঃ আজি সমগ্ৰ ৰাজ্যতে পালন কৰা হয় শিশু দিৱস।বিগত বছৰবোৰৰ দৰে এই বেলিও কামৰূপ জিলাৰ বকোত বহু অনুস্থান প্ৰতিস্থানৰ উদ্যোগত পালন কৰে শিশু দিৱসৰ কাৰ্য্যসূচী।উল্লেখ্য যে,আজি বকোত দক্ষিণ কামৰূপ জিলা জাগৃতি মহিলা সমিতিৰ উদ্যোগত গুৱাহাটী মহানগৰ সমিতি আৰু বকো আঞ্চলিক সমিতিৰ সহযোগত বকোস্থিত ড: ভূপেন হাজৰিকা সোঁৱৰণী ৰঙ্গমঞ্চত দিনযোৰা বিস্তৃত কাৰ্য্যসুচীৰে আয়োজন কৰে শিশু দিৱসৰ কাৰ্য্যসূচী।

দক্ষিণ কামৰূপ জিলা জাগৃতি মহিলা সমিতিৰ সভানেত্ৰী মেঘালী দাস আৰু সম্পাদিকা চন্দ্ৰমা কলিতা,গুৱাহাটী মহানগৰ সমিতিৰ সভানেত্ৰী নয়নী স্বৰ্গীয়াৰী বৰ্মণ আৰু দীপ্তি কলিতা,বকো আঞ্চলিক সমিতিৰ সম্পাদিকা অৰ্পনা ডেকাই জনোৱা মতে ৰাইজৰ সহযোগত পালন কৰা হয় শিশু দিৱস।জাগৃতি মহিলা সমিতিয়ে আয়োজন কৰা চিত্ৰাংকন প্ৰতিযোগিতাত মূখ্য বিচাৰক হিচাপে উপস্থিত থাকে বকোৰ চন্দ্ৰকলা আৰ্ট স্কুলৰ অধ্যক্ষা বিশিষ্ট চিত্ৰ শিল্পী পুৰ্ণিমা পালে।অনুস্থানত বিশেষ ভাৱে সক্ষম চিত্ৰ শিল্পী গৰাকীক সম্বোধিত কৰা হয়।

ইফালে, দক্ষিণ কামৰূপ জাতীয় মহিলা সেনাৰ উদ্যোগত আৰু বকো আঞ্চলিক সমিতিৰ সহযোগত দূৰ্গা মন্দিৰ প্ৰাংগনৰ সমিতিৰ কাৰ্যালয়ত এক জন সমাগমৰ মাজত আয়োজন কৰা হয় শিশু দিৱস।দক্ষিণ কামৰূপ জাতীয় মহিলা সেনাৰ সভানেত্ৰী অদীতি কলিতা আৰু সম্পাদিকা চম্পা বড়োই জনোৱা মতে শিশু দিৱসৰ কাৰ্য্যসূচীৰ লগত সংগতি ৰাখি আয়োজন কৰা হয় কুইজ আৰু চিত্ৰাংকন প্ৰতিযোগিতা।দুয়োটা মহিলা সংগঠনৰ কাৰ্য্যসুচীত ৰাইজৰ ভালে সংখ্যক উপস্থিত আছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in