বকোত ভয়ংকৰ পথ দুৰ্ঘটনা: আল্ট্ৰা বাছৰ খু্ন্দাত প্ৰাক্তন সৈনিকৰ থিতাতে মৃত্যু…

বকোত ভয়ংকৰ পথ দুৰ্ঘটনা: আল্ট্ৰা বাছৰ খু্ন্দাত প্ৰাক্তন সৈনিকৰ থিতাতে মৃত্যু…

ডিজিটেল সংবাদ, বকোঃ কামৰূপ জিলাৰ বকোত আজি হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাৰ ফলত এজন প্ৰাক্তন সৈনিকৰ থিতাতে মৃত্যু হোৱা ঘটনাই চঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাৰ বিৱৰণী মতে বকো থানাৰ অন্তৰ্গত হাহিম তিনিআলি চ'কত ১৭নং ৰাষ্ট্ৰীয় ঘাইপথেৰে গুৱাহাটী অভিমুখে আহি থকা এএচ-০১/ই- ৯৮৬৮নম্বৰৰ আল্ট্ৰা বাছখনে এএচ-০১/এএম-৪১৫৬ নম্বৰ মটৰ চাইকেল খনক তীব্ৰ বেগেৰে খুন্দা মাৰে ফলত মটৰ চাইকেল আৰোহী প্ৰাক্তন সৈনিক পবিত্ৰ ৰাভা (৬০)ৰ থিতাতে মৃত্যু হয় ।

জানিব পৰা মতে চকাবাহা গাঁৱৰ ঘৰৰ পৰা মটৰ চাইকেলেৰে গাখীৰ নিবলৈ যোৱা প্ৰাক্তন সৈনিক গৰাকীক বাছখনে খুন্দা মাৰি মটৰ চাইকেলৰ সৈতে বহু দূৰলৈকে চোচৰাই নিয়ে। পিছত গাড়ীখন নিয়ন্ত্ৰণ হেৰুৱাই পাথৰ দাঁতিত নামি যায়। দুৰ্ঘটনাৰ পিছত বকো আৰক্ষীয়ে প্ৰাক্তন সৈনিক গৰাকীৰ মৃতদেহ আৰু বাছখন বকো থানালৈ নিয়ে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in