বকোত প্ৰথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত পুথি বিতৰণ…

বকোত প্ৰথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত পুথি বিতৰণ…

ডিজিটেল সংবাদ, বকো: কামৰূপ জিলাৰ বকোত শনিবাৰে প্ৰাথমিক বিদ্যালয়ৰ ১১ গৰাকী ছাত্ৰ-ছাত্ৰীৰ মাজত পুথি বিতৰণ কৰে। বকোৰ ভোগদাবাৰী প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ মাজত গান্ধী জয়ন্তী উপলক্ষে যোৱা ২ অক্টোবৰত ভেশছনৰ ব্যৱস্থা কৰিছিল। সেইদিনা ভেশছনত অংশ গ্ৰহণ কৰা বিদ্যালয়খনৰ ১২ গৰাকী ছাত্ৰ-ছাত্ৰীৰ মাজত শনিবাৰে বিদ্যালয়ৰ পাঠদানৰ শেষত সাধু পুথি আৰু ছবিৰ সাধু পুথি বিতৰণ কৰা হয় । পুথি বিতৰণৰ সময়ত বিদ্যালয়খনৰ প্ৰধান শিক্ষক স্বাধীন বড়ো , সহকাৰী শিক্ষক ক্ৰমে- ৰঞ্জিত পাঠৰী, নয়নমণি কলিতা, ভৱানী নাৰ্জাৰীৰ লগতে ছাত্ৰ-ছাত্ৰীৰ অভিভাৱক সকলে অংশ গ্ৰহণ কৰে ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in