বকোত বাথৌপূজাৰ ওপৰত নিৰ্মাণ হ’ব লগা তথ্যচিত্ৰৰ শুভমহুৰত…

বকোত বাথৌপূজাৰ ওপৰত নিৰ্মাণ  হ’ব লগা তথ্যচিত্ৰৰ শুভমহুৰত…

ডিজিটেল সংবাদ,বকো: কামৰূপ বকোত মঙ্গলবাৰে বড়ো জনগোষ্ঠীৰ বাথৌপূজাৰ ওপৰত নিৰ্মাণ হ'ব লগা এখন তথ্যচিত্ৰৰ শুভমহুৰত অনুষ্ঠিত হয়। ৰাভা হাছং স্বায়ত্বশাসিত পৰিষদৰ ২০১৯-২০ বিত্তীয় বৰ্ষৰ ধনেৰে নিৰ্মাণ কৰিব লগা তথ্যচিত্ৰ খনৰ শুভমহুৰত কৰে ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যাবাহী সদস্য নগৰমল স্বৰ্গীয়াৰীয়ে ।বকোৰ ভোগদাবাৰী গাঁৱত কৰা শুভমহুৰত অনুষ্ঠানত ভোগদাবাৰীগাঁৱ উন্নয়ন সমিতিৰ সভাপতি হৰেণ বড়ো, উপ-সভাপতি ভোলানাথ বড়ো, পূজাৰী বেলোৰাম বড়ো, বেকেলী মৌজা ট্ৰাইবেল সংঘৰ সম্পাদিকা মিনতি বড়োকে ধৰি বহু বিশিষ্ট ব্যক্তিয়ে অংশ গ্ৰহণ কৰে। বিৰদাও চিনে প্ৰডাকচনৰ বেনাৰত হ'ব লগা তথ্যচিত্ৰ খনৰ নিৰ্দেশক দেৱীৰাম বড়ো, কেমেৰা নিৰ্দেশক মনোজ মন আৰু ধাৰা বিবৰণী নিতা স্বৰ্গীয়াৰীৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in