অসমৰ মানুহ কিয় মেঘালয়লত প্ৰৱেশ কৰিব? বকোত পুনৰ উত্তেজনা…

অসমৰ মানুহ কিয় মেঘালয়লত প্ৰৱেশ কৰিব? বকোত পুনৰ উত্তেজনা…

ডিজিটেল সংবাদ বকো: মেঘালয়ৰ লোকে অসমৰ মহিলাক শুক্ৰবাৰে শাৰীৰিক ভাৱে অপদস্থ কৰাক কেন্দ্ৰ কৰি বকোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । জানিবপৰা মতে বকো থানাৰ অন্তৰ্গত হুৱাপাৰা গাঁৱৰ প্ৰীতিশ চাংমা (৪০ ) নামৰ মহিলাগৰাকীয়ে মহিলাগৰাকীৰ আত্মীয়ৰ পৰা ঋণ লোৱা ব্যক্তিৰ পৰা টকা ঘূৰাই আনিবলৈ যাওঁতেই মেঘালয় ৰাজ্যৰ শিলডুবিৰ নপিল চাংমা নামৰ মহিলাগৰাকীয়ে শিলডুবি বজাৰ চ'কত শাৰীৰিক ভাৱে অপদস্থ কৰে । নপিল চাংমাৰ যুক্তি অসমৰ মানুহে কিয় মেঘালয় ৰাজ্যত প্ৰৱেশ কৰিব । ইয়াৰ পিছৰে পৰা বকোৰ অসম-মেঘালয় সীমান্তবৰ্তী এলেকাত উত্তেজনাই বিৰাজ কৰিছে ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in