বকোৰ আইমণিৰ ‘শান্তিৰ নিজৰা’…

বকোৰ আইমণিৰ ‘শান্তিৰ নিজৰা’…

ডিজিটেল সংবাদ, বকোঃ কামৰূপ জিলাৰ বকো আৰু ছয়গাঁৱ বিধান সভা সমষ্টিৰ পঢ়ুৱৈয়ে কাকত-আলোচনী লাভ কৰা বনগাঁৱ চ'কৰ প্ৰতিষ্ঠান 'শান্তি নিজৰা '। ক'ৰোনা কেন্দ্ৰিক সমস্যাৰ বাবে শান্তি নিজৰাত কাকত-আলোচনীৰ বিক্ৰী কমিছে । লগতে একাংশ মাহেকীয়া গ্ৰাহকৰ পৰা কাকত-আলোচনীৰ মাহেকীয়া বিল লাভ নকৰাত স্বত্বাধিকাৰী জয়ন্ত মেধিৰ অৱস্হা একপ্ৰকাৰ শোচনীয়হৈ পৰিছে ।

শান্তি নিজৰাৰ বাহিৰে অইন কোনো আয়ৰ উৎস নথকা আদৰ্শবান ব্যক্তি জয়ন্ত মেধিয়ে জধেমধে কোনোধৰণৰ কামো কৰিব নোৱাৰে। ফলত সন্তান সহ তিনিজনীয়া পৰিয়ালটোৰ জীৱন-নিৰ্বাহ কৰাই কঠিনহৈ পৰিছে। ছয়গাঁৱ বিধান সভা সমষ্টিৰ অন্তৰ্গত বনগাঁৱ চ'কত জয়ন্ত মেধিয়ে যোৱা২০০০ ইং বৰ্ষৰ২০জুন তাৰিখে শান্তি নিজৰা আৰম্ভ কৰে। স্বত্বাধিকাৰী মেধিয়ে অৱশ্যে প্ৰথমতে পি চি অ' হিচাপে আৰম্ভ কৰিছিল ।

পি চি অ'ৰ লগতে শিক্ষক-শিক্ষাৰ্থীৰ সুবিধাৰ বাবে শান্তি নিজৰাত কাগজ-কলম, বহী-চিয়াঁহী আদি প্ৰয়োজনীয় সা-সামগ্ৰী ৰখাৰো ব্যৱস্থা কৰে।পৰবৰ্তী সময়ত ২০০১ইংবৰ্ষত স্বত্বাধিকাৰী মেধিয়ে কাকত-আলোচনীৰ এজেন্সি লয়। শান্তি-নিজৰাত কাকত-আলোচনীৰ এজেন্সি হোৱাৰ লগে লগে পঢ়ুৱৈ ৰাইজৰ অধিক সুবিধা হয়।ছয়গাঁৱ বিধান সভা সমষ্টিৰ বনগাঁৱ চ'কটো যিহেতু বকো বিধান সভা সমষ্টিৰ সমীপতে গতিকে বকো বিধান সভা সমষ্টিৰ পঢ়ুৱৈৰ বাবেও সুবিধা হয় শান্তি নিজৰাত কাকত-আলোচনীৰ এজেন্সি হোৱাত।

শান্তি নিজৰাৰ স্বত্বাধিকাৰী জয়ন্ত মেধি এনে এগৰাকী ব্যক্তি যিগৰাকী নিজৰ ব্যৱসায় প্ৰতিষ্ঠানত 'ডেনডেৰাইট' নাৰাখে। তেখেতেৰ অভিমত একাংশ শিক্ষাৰ্থীয়ে 'ডেনডেৰাইট ' নিচা হিচাপে সেৱন কৰে। গতিকে শিক্ষাৰ্থীৰ ক্ষতি হ'ব পৰা সামগ্ৰী তেওঁ শান্তি নিজৰাত কোনো কাৰণতে বিক্ৰী নকৰে। এটা নিৰ্দিষ্ট আদৰ্শৰে বেঙ্ককে ধৰি ব্যক্তিগতখণ্ডৰ প্ৰতিষ্ঠানৰ পৰা ধাৰ-ঋণলৈ টানি-আজুৰি চলাই অহা শান্তি নিজৰাৰ স্বত্বাধিকাৰী জয়ন্ত মেধিৰ ক'ৰোনা কেন্দ্ৰিক ল'কডাউন-আনল'কৰ বাবে ইমানেই শোচনীয় অৱস্থা হৈছে যে ধাৰ-ঋণৰ কিস্তিবোৰ পৰিশোধ কৰাই কঠিন হৈ পৰিছে।

ইয়াৰ উপৰিও তেওঁ যোৱা২০১২ ইং বৰ্ষত পিত্তজনীত ৰোগত আক্ৰান্তহৈ বৰ্তমানলৈকে চিকিৎসাধীন হৈ থাকিবলগীয়া হৈছে। চিকিৎসাৰ নামত ব্যক্তিগৰাকীয়ে হায়দৰবাদৰ উপৰিও চেন্নাইলৈ গৈ থাকিব লগীয়া হয়। চিকিৎসাৰ নামতো বহু টকা-পইচা খৰচহৈ আহিছে। সমস্যাৰ লগতে ধাৰ-ঋণৰ বোজা সহিব নোৱাৰি মাজতে শান্তি নিজৰা বিক্ৰী কৰি দিবলৈ ওলাইছিল। কিন্তু তেওঁৰ সহধৰ্মিণী আইমণি মেধিয়ে স্বামীৰ আদৰৰ প্ৰতিষ্ঠানখন বিক্ৰী কৰিব নিদিলে ।

ইয়াৰ পৰিৱৰ্তে স্বামীৰ বেমাৰৰ পিছৰে পৰা সমস্যা আৰু ঋণৰ বোজা মূৰ পাতিলৈ নিজে শান্তি নিজৰা নিয়াৰিকৈ চলাই আহিছে । ল'কডাউন-আনল'কৰ সময়তো আইমণি মেধিয়ে পঢ়ুৱৈক কাকত-আলোচনী নিয়মীয়াকৈ যোগদান ধৰিছে। কিন্তু তেওঁলোকৰ ধাৰৰ বোজা ইমান বেছি হৈছে যে ৰাজাঘৰৰ পৰা যদি কোনো ধৰণৰ সহায়-সহযোগ লাভ নকৰে তেন্তে হয়তো শান্তি নিজৰা চলাই থকাই কঠিনহৈ পৰিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in