বকোত অসম গণ পৰিষদৰ কৰ্মী সভাত নেত্ৰী কল্পনা পাটোৱাৰী…

বকোত অসম গণ পৰিষদৰ কৰ্মী সভাত নেত্ৰী কল্পনা পাটোৱাৰী…

ডিজিটেল সংবাদ, বকো: কামৰূপ জিলাৰ বকোত বুধবাৰে অসম গণ পৰিষদ দলৰ এখন কৰ্মী সভা অনুষ্ঠিত হয়। ৪৮ নং বকো বিধান সভা সমষ্টিৰ অন্তৰ্গত ছমৰীয়াৰ ৰাম সৰস্বতী খেলপথাৰত অনুষ্ঠিত হোৱা আজিৰ কৰ্মী সভাখনৰ মুখ্য আকৰ্ষণ আছিল জনপ্ৰিয় কণ্ঠশিল্পী তথা অগপনেত্ৰী কল্পনা পাটোৱাৰী । শিল্পীগৰাকীয়ে ভক্তিমূলক গীতেৰে ভাষণ আৰম্ভ কৰি আৰম্ভণিতে বদৰুদ্দিন আজমলক সমালোচনা কৰে ।

মুম্বাইত প্ৰসাদ সম অট্টালিকাত থাকি ব্যৱসায় কৰা বদৰুদ্দিন আজমলে সংখ্যালঘুৰ নামত অসমলৈ আহি ৰাজনীতি কৰে বুলি তেওঁ কয়। ৰাইজক বিৰোধীক ভোট নিদিবলৈ আহ্বান জনাই কেন্দ্ৰত থকা চৰকাৰ লগত মিলাই ভোট দিলেহে উন্নয়ন হ'ব বুলি তেওঁ কয়। অন্যথা অসমৰ উন্নয়ন কোনো দিনে নহ'ব বুলিও তেওঁ ৰাইজক এক প্ৰকাৰ সকীয়াই দিয়ে। নেত্ৰী গৰাকীয়ে বৰ বেছি সময় নিৰ্বাচনী ভাষণ ৰখাৰ সলনি বিহু , গাৰো , বড়ো , ভোজপুৰী আদি বিভিন্ন ভাষাত গীত পৰিবেশন কৰি পৰিবেশ সঙ্গীত মধুৰ কৰি তোলে ।

ৰাজনৈতিক নেতা সকলে মঞ্চত মানুহৰ শ্ৰেণী বিভাজন নাই বুলি ভাষণ দি অহাৰ সলনি কল্পনা পাটোৱাৰীয়ে হিন্দু ধৰ্মৰ মানুহহৈও ইছলাম ধৰ্মালম্বী লোকৰ সৈতে বিয়া হৈ প্ৰকৃত মানৱধৰ্ম কঢ়িয়াই লৈ ফুঁৰিছে বুলিও ভাষণত কয়। বকো বিধান পৰিষদৰ সভাপতি পৰাণজ্যোতি দাসে সভাপতিত্ব কৰা কৰ্মী সভাখনত অসম গণ পৰিষদ দলৰ সাধাৰণ সম্পাদক তথা খাদী আৰু গ্ৰাম্য উন্নয়ন বৰ্ডৰ অধ্যক্ষ ডা৹ কমলা কান্ত কলিতাই এইবাৰ বকোত অসম গণ পৰিষদ দলৰ পৰা প্ৰাৰ্থীত্ব লাভ কৰাটো একপ্ৰকাৰ খাটাং বুলি ঘোষণা কৰে ।

কিছুদিন আগতে অসম গণ পৰিষদ দলটোৰ সৈতে মিত্ৰতাত থকা ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে বকোত বিজেপি দলৰ প্ৰাৰ্থী দিয়া হ'ব বুলি ঘোষণা কৰাৰ পিছত আজি পুনৰ অগপৰ নেতা ডা৹ কলিতাই কৰা এনে ঘোষণাত প্ৰকৃততে সমাগত নিৰ্বাচনত বকো অগপৰ হ'ব নে বিজেপিৰ হ'ব সেয়া দোদুল্যমানহৈ পৰিল। অৱশ্যে ডা৹ কলিতাই কেৱল নেতা হোৱাৰ মানসিকতা পৰিত্যাগ কৰিবলৈ আহ্বান প্ৰথমতে দলটোৰ কৰ্মী হ'বলৈ সকলোকে আহ্বান জনায়।

৮৫৫ গৰাকী ছহিদৰ তেজৰ বিনিময় আৰু কংগ্ৰেছৰ অপশাসনৰ অন্ত বিচাৰি জন্ম হোৱা অসম গণ পৰিষদ দলৰ পিতৃ-মাতৃ অসম ৰাইজ বুলি উল্লেখ কৰি দলটোৱে কৰা ভুলৰ বাবে অসমৰ ৰাইজে মাজে-সময়ে অভিমান, খং কৰে যদিও সেয়া তেওঁ সাময়িক বুলিও কয়। কংগ্ৰেছ দলক তেওঁ তীব্ৰ সমালোচনা কৰি শেহতীয়াকৈ কংগ্ৰেছ দলে গ্ৰহণ কৰা অসম বচাওঁক আহক কাৰ্যসূচী প্ৰকৃততে কংগ্ৰেছ বচাওঁ আহক বুলিহে তাচ্ছিল্য কৰে । লগতে সেই কাৰ্যসূচীত কংগ্ৰেছে প্ৰয়াত তৰুণ গগৈৰ ফটো লগোৱা সন্দৰ্ভতো মৃত মানুহজনৰ ফটো লগোৱা বুলি তীব্ৰ সমালোচনা কৰে ।

কৰ্মী সভাখনত অংশ গ্ৰহণ কৰা আঞ্চলিক দলটোৰ তথ্য আৰু প্ৰচাৰ সম্পাদকৰ দায়িত্বত থকাৰ লগতে বকোৰ পৰ্যবেক্ষক ড০ তপন দাসে কৰ্মী সকলোক উদ্দেশ্যে এইবাৰ বকোত অসম গণ পৰিষদ দলে জয়লাভ কৰাটো একপ্ৰকাৰ নিশ্চিত বুলি কৈ উৎসাহ যোগায়। তাৰবাবে এতিয়াৰে পৰা অৱশ্যে কৰ্মীসকলোক ৰাইজৰ মাজত যাবলৈ আহ্বান জনায়। ড০ দাসে বকোৰ বিধায়িকা নন্দিতা দাসক তীব্ৰ সমালোচনা কৰি যোৱা পাঁচ বছৰে সমষ্টিটোৰ কোনো ধৰণৰ উন্নয়ন নকৰিলে বুলি সম্পাদকগৰাকীয়ে বক্তব্যত অভিযোগ কৰে।

আনকি তথ্য আৰু প্ৰচাৰ বিভাগৰ সম্পাদক গৰাকীয়ে নন্দিতা দাসৰ দিন চমু চাপি আহিছে বুলিও ভাষণত কয়। কৰ্মী সভাখনত বকোৰ প্ৰাক্তন বিধায়িকা জ্যোতিপ্ৰসাদ দাস, নগৰবেৰা জিলা পৰিষদৰ সদস্যা হিমাদ্ৰী পাঠককে ধৰি বহু কেইগৰাকী দলীয় নেতাই ভাষণ প্ৰদান কৰি বকোৰ বিধায়িকা নন্দিতা দাসক তীব্ৰ সমালোচনা কৰে।

হিমাদ্ৰী পাঠকে বিধায়িকা নন্দিতা দাসক সমালোচনা কৰাৰ নামত স্হানীয় যুৱকক বঞ্চিত কৰি বাহিৰৰ ঠিকাদাৰ আনি বকোৰ কাম-কাজ কৰিবলৈ দিয়া বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰে। আজিৰ কৰ্মী সভাখনত বাবুল কৈবৰ্তই বৰগীত পৰিৱেশন কৰাৰ লগতে কৰ্মী সভাৰ উদ্দেশ্য বাখ্যা কৰে ৰাজনৈতিক দলটোৰ যুৱ নেতা ৰজিত বড়োই। সভাত বহুকেইটা সাংস্কৃতিক দলে নৃত্য পৰিৱেশন কৰে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in