অসম গণ পৰিষদ দলৰ জ্যেষ্ঠ নেতাৰ মৃত্যুঃ বকোত শোকৰ ছাঁ…

অসম গণ পৰিষদ দলৰ জ্যেষ্ঠ নেতাৰ মৃত্যুঃ বকোত শোকৰ ছাঁ…

ডিজিটেল সংবাদ বকো: কামৰূপ জিলাৰ বকোত মঙ্গলবাৰে এগৰাকী অসম গণ পৰিষদ দলৰ জ্যেষ্ঠ নেতাৰ মৃত্যুত শোকৰ ছাঁ পৰিছে । ৪৮নং বকো বিধানসভা সমষ্টিৰ বৰপাৰাগাঁৱৰ অগপ দলৰ জ্যেষ্ঠ নেতা হাছমত আলী(৭০) যোৱা ছমাহ ধৰি মধুমেহ আৰু উচ্চ ৰক্তচাপ জনিত ৰোগত ভূগি আছিল।

মঙ্গলবাৰে বিয়লি প্ৰায় ৪ বজাত নিজ বাসগৃহত তেখেতৰ মৃত্যু হয় । মৃত্যুৰ সময়ত তেখেতে পত্নী ৰীনা বেগম আৰু দুগৰাকী কন্যাৰ লগতে এগৰাকী পুত্ৰ সন্তান ইহ সংসাৰত এৰিথৈ যায় । উল্লেখযোগ্য যে হাছমত আলীয়ে জীৱিত কালত অসম গণ পৰিষদ দলৰ বকো আঞ্চলিক সমিতিৰ কেইবা বছৰ ধৰি সম্পাদক আৰু সভাপতিৰ দায়িত্বত আছিল।

বুধবাৰে ৰাতিপুৱা তেওঁৰ অন্তষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in