বকোত তৃতীয় বাৰ্ষিক ৰাভা হাছং উশ্বু খেল প্ৰতিযোগিতা…

বকোত তৃতীয় বাৰ্ষিক ৰাভা হাছং উশ্বু খেল প্ৰতিযোগিতা…

ডিজিটেল সংবাদ, বকো: কামৰূপ জিলাৰ বকোত শনিবাৰৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা তৃতীয় বাৰ্ষিক ৰাভা হাছং উশ্বু ক্ৰীড়া প্ৰতিযোগিতাৰ আজি সামৰণি পৰে । ল'ৰা আৰু ছোৱালী উভয় শাখাত চিনিয়ৰ ,জুনিয়ৰ আৰু চাব জুনিয়ৰ পৰ্যায়ত অনুষ্ঠিত হোৱা খেলৰ শেষত বিজয়ী প্ৰতিযোগীসকলক পদক প্ৰদানৰ ব্যৱস্থা কৰে ।

বকো মজলীয়া বিদ্যালয়ৰ বাকৰিত আয়োজন কৰা প্ৰতিযোগিতাত ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদীয় এলেকাৰ উশ্বু খেলুৱৈ সকলে অংশ গ্ৰহণ কৰে । প্ৰতিযোগিতাত ১৩০ গৰাকী উশ্বু খেলুৱৈয়ে অংশ গ্ৰহণ কৰে ।প্ৰতিযোগিতাৰ শেষত বঁটা বিতৰণী সভা এখন অনুষ্ঠিত কৰে।

সভাত ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ উপাধক্ষ্য ৰমাকান্ত ৰাভা , কাৰ্যবাহী সদস্য ক্ৰমে – সুমিত ৰাভা, আদিত্য ৰাভা, সোণাৰাম ৰাভা , শৰীৰচৰ্চাবীদ গোলাপ ৰাভা , দক্ষিণ কামৰূপ জিলা বেঙ্গলী ফেদাৰেচনৰ সভাপতি সঞ্জয় চৌধুৰী , অমৰেন্দ্ৰ অধিকাৰীকে ধৰি বহু বিশিষ্টলোকে অংশ গ্ৰহণ কৰে । সভাখনত ৰাষ্ট্ৰীয় পৰ্যায়ত খ্যাতি অৰ্জন কৰা উশ্বু খেলুৱৈ ইলিনা ৰাভা, মুহিধৰ ৰাভা, ডেইজী ৰাভাক সম্বৰ্ধনা জনোৱা হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in