বোকাখাতৰ তিনি আটছা নেতাক নিলম্বন…

বোকাখাতৰ তিনি আটছা নেতাক নিলম্বন…

ডিজিটেল সংবাদ, বোকাখাতঃ বহু অপৰাধী তথা অসাধু চক্ৰৰ লগত অসমৰ কেতবোৰ জাতীয় সংগঠনৰ নেতা-কৰ্মীৰ ঘনিষ্ঠতাৰ খবৰ নতুন নহয়। তেনে ঘনিষ্ঠ সম্পৰ্ক ৰক্ষাৰ পৰিনাম হিচাপে শেহতীয়াকৈ সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছাৰ গোলাঘাট জিলা সমিতি আৰু বোকাখাত শাখা সমিতিৰ তিনিজনকৈ নেতাক এমাহৰ বাবে নিলম্বণ কৰিছে আটছাৰ কেন্দ্ৰীয় সমিতিয়ে। নিলম্বিত তিনিজন নেতা গোলাঘাট জিলা সমিতিৰ সম্পাদক সুশিল কালিন্দী, বোকাখাত শাখাৰ সভাপতি সুৰজিত পাইক আৰু সম্পাদক অমৃত সাগৰ তাঁতী ৷

বিগত ৯ অক্টোবৰত এই তিনিজন বিতৰ্কিত নেতাৰ উদ্যোগত আটছায়ে বোকাখাত নাট্য মন্দিৰত আয়োজন কৰিছিল কৃতি ছাত্ৰ-ছাত্ৰী সম্বৰ্ধনা জনোৱাৰ এক বিশেষ অনুষ্ঠানৰ। উক্ত অনুষ্ঠানতেই আটছাৰ গোলাঘাট জিলা সমিতি আৰু বোকাখাত শাখা সমিতিয়ে কিছু কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱাৰ লগতে বিগত ১৩ জুনত বোকাখাতৰ ৰজাবাৰীত সংঘটিত হোৱা তেল চুৰি কাণ্ডৰ মূল অভিযুক্ত তথা মন্ত্ৰী অতুল বৰাৰ অতিকে ঘনিষ্ঠ ভাস্কৰ কালিন্দীক আটছাৰ মঞ্চত ৰাজহুৱা ভাৱে পিন্ধোৱা হৈছিল গামোচা, উপস্থিত আছিল মন্ত্ৰী অতুল বৰাও।

ইফালে, আগতীয়া জামিন লোৱা বৰ্তমানেও নিষ্পত্তি নোহোৱা তেল চুৰি গোচৰৰ মূল অভিযুক্ত ভাস্কৰ কালিন্দীক মন্ত্ৰীৰ উপস্থিতিতে এটা জাতীয় সংগঠণে ৰাজহুৱাকৈ গামোছা পিন্ধোৱাকলৈ বোকাখাতত হৈছিল ব্যাপক চৰ্চা। তুমুল সমালোচনাৰ সন্মুখিন হৈছিল গোলাঘাট আৰু বোকাখাত আটছা।উল্লেখযোগ্য যে, লক্ষণীয় ভাৱে উক্ত সম্বৰ্ধনা সভালৈ উদ্যোক্তা সমিতিয়ে নিমন্ত্ৰণ কৰা নাছিল বোকাখাতৰ তিনি সাংবাদিক সংগঠন-বোকাখাত মহকুমা সাংবাদিক সংস্থা, বোকাখাত প্ৰেছ ক্লাব আৰু ইলেক্ট্রনিক মেডিয়া জার্নেলিষ্ট এচ'চিয়েচন-ইমজাক ফলত তিনিওটা সাংবাদিক সংগঠণে অনিৰ্দিষ্ট কাললৈ বৰ্জন কৰিছিল আটছাৰ বাতৰি।

ফলত তেল চুৰি কাণ্ডৰ মূল অভিযুক্ত ভাস্কৰ কালিন্দীক আটছাৰ মঞ্চত গামোছাৰে আদৰণি জনাই আটছাৰ সংবিধানক অসন্মান জনোৱাৰ বাবেই ১২ অক্টোবৰত আটছাৰ কেন্দ্ৰীয় সমিতিয়ে শাস্তিমূলক ভাৱে গোলাঘাট জিলা সমিতিৰ সম্পাদক সুশীল কালিন্দী, বোকাখাত শাখাৰ সভাপতি সুৰজিত পাইক আৰু সম্পাদক অমৃত সাগৰ তাঁতীক নিলম্বন কৰাৰ কথা জানিবলৈ দিছে আটছাৰ কেন্দ্ৰীয় সমিতিয়ে। অৱশ্যে ইয়াৰ পাছতেই আটছাৰ বাতৰি বৰ্জনৰ সিদ্ধান্ত বাতিল কৰিছে বোকাখাতৰ তিনি সাংবাদিক সংগঠনে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in