কুৰুৱাবাহীৰ ভয়াৱহ দুৰ্নীতিত ৰহস্যজনকভাৱে নিমাত বোকাখাতৰ মহকুমাধিপতি…

কুৰুৱাবাহীৰ ভয়াৱহ দুৰ্নীতিত ৰহস্যজনকভাৱে নিমাত বোকাখাতৰ মহকুমাধিপতি…

ডিজিটেল সংবাদ, কুৰুৱাবাহীঃ চৰকাৰী চোৰৰূপী বোকাখাতৰ কুৰুৱাবাহী গাঁও পঞ্চায়তৰ সচিব পৰেশ গন্ধীয়াৰ নেতৃত্বত পঞ্চায়তখনত ভুৱা জব কাৰ্ডৰ নামত লক্ষাধিক টকাৰ লুণ্ঠনৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে৷ আনকি, প্ৰকৃত হিতাধিকাৰীক বাদ দি ভুৱাকৈ হিতাধিকাৰীৰ নাম অন্তৰ্ভুক্ত কৰি এই লুণ্ঠন চলাইছে বুলি একাংশ ৰাইজ, দল-সংগঠনে অভিযোগ তুলিছে৷

অভিযোগৰ ওপৰত ভিত্তি কৰি 'অসমীয়া প্ৰতিদিন'ৰ পৰা চলোৱা এক ক্ষেত্ৰভিত্তিক অধ্যয়নত একাংশ জনপ্ৰতিনিধিৰ লগ হৈ পঞ্চায়তৰ সচিবে চলোৱা ভয়াবহ লুণ্ঠনৰ তথ্য পোৱা গৈছে৷ আমাৰ হাতত পৰা তথ্য মতে, কুৰুৱাবাহী গাঁও পঞ্চায়তৰ ৯ নং ৱাৰ্ডৰ সদস্যা ৰুক্মিণী চাহু আৰু ১০ নং ৱাৰ্ডৰ সদস্য অজিত দাসে এদিনো কাম নকৰাকৈ নিজৰ বেংক একাউণ্টত সুমুৱাইছে জবকাৰ্ডৰ ধন৷

সমান্তৰালভাৱে এদিনো কাম নকৰাকৈয়ে নাৰায়ণ দাস, ৰশ্মি বৰা নামৰ আন দুগৰাকী ৱাৰ্ড সদস্যয়ো জবকাৰ্ডৰ ধন নিজ নিজ বেংক একাউণ্টৰ যোগেদি লাভ কৰিছে৷ প্ৰাপ্ত তথ্য অনুসৰি, ১০ নং ৱাৰ্ডৰ সদস্য অজিত দাসে মধুপুৰ ঘগৰাজানৰ পৰা তিনিখুটিজান শ্লুইছ গেট পৰ্যন্ত নলা উন্নীতকৰণৰ নামত ২১ দিন কাম, গৰুপৰা প্ৰাথমিক বিদ্যালয়ৰ পৰা খাৰণী কৃষি পথ পৰ্যন্ত পথৰ নামত ৩০ দিনৰ কামৰ নামত এদিনো কাম নকৰাকৈ জবকাৰ্ডৰ ধন লাভ কৰে৷

আনহাতে, ২০১৯ বৰ্ষৰ ১ এপ্ৰিলত স্থানীয় গোলাপ কুৰ্মীৰ পুখুৰী খন্দাৰ নামত ৬ দিনৰ কামকে ধৰি একেটা বৰ্ষৰ ২৮ মে'ৰ পৰা ৪ দিনৰ কাম পৰ্যন্ত মুঠ ৯২ দিনৰ কাম কৰা দেখুওৱা হয়৷ কিন্তু, প্ৰকৃত জবকাৰ্ডৰ বহুগৰাকী হিতাধিকাৰীক বঞ্চিত কৰি এদিনো কাম নকৰাকৈ এই ৱাৰ্ড সদস্য গৰাকীয়ে জবকাৰ্ডৰ ধন লাভ কৰে৷ তথ্য অনুসৰি, জবকাৰ্ডৰ অধীনত কোনে কিমান দিন কাম কৰিছে, সেয়া চোৱাচিতা কৰে পঞ্চায়তৰ সচিবে৷

সেইমতে, জবকাৰ্ডৰ পঞ্জীয়ন, উপস্থিতিৰ সংখ্যা আদি সকলো কম্পিউটাৰ সহায়কে যুগুত কৰি দিয়াৰ পাছত সেয়া পঞ্চায়তৰ সভাপতি-সচিবৰ দ্বাৰা পৰীক্ষা কৰা হয়৷ সেইমতেই জবকাৰ্ডৰ গৰাকীয়ে কাম কৰাৰ বিনিময়ত ধন লাভ কৰে৷ কিন্তু, আশ্চৰ্যজনকভাৱে এদিনো কাম নকৰাকৈয়ে উক্ত চাৰিগৰাকী ৱাৰ্ড সদস্যই জবকাৰ্ডৰ ধন লাভ কৰিছে৷

এই সন্দৰ্ভত পঞ্চায়তখনত উপস্থিত হওতে পঞ্চায়ত সচিব পৰেশ গন্ধীয়াক এই দুৰ্নীতিৰ সম্বন্ধে প্ৰশ্ন কৰাত তেখেতে দুৰ্নীতিৰ সমস্ত বিষয় স্বীকাৰ কৰে৷ কিন্তু, এই দুৰ্নীতিৰ বাবে তেওঁ নহয়, বৰং কম্পিউটাৰ সহায়কগৰাকী দায়ী বুলি প্ৰকাশ কৰে৷ আনহাতে, সচিবৰ চহী অবিহনে কম্পিউটাৰ সহায়কে কেনেকৈ ভুৱাকৈ জবকাৰ্ডৰ ধন একাউণ্টত সুমুৱাই দিব পাৰিলে বুলি সোধাত পঞ্চায়ত সচিব পৰেশ গন্ধীয়া নিৰৱ হৈ ৰয়৷

ইপিনে, আমাৰ অনুসন্ধানকালত আছুৰ নুমলীগড় আঞ্চলিক সমিতিৰ সভাপতি হৰ্ষজ্যোতি ভূঞা আৰু সম্পাদক পাৰ্থজ্যোতি শৰ্মাৰ নেতৃত্বত এটা দল পঞ্চায়তখনত উপস্থিত হৈ কয় যে পঞ্চায়তখনত জবকাৰ্ডৰ নামত ভয়াবহ দুৰ্নীতি সংঘটিত হৈছে৷ কেৱল কেইগৰাকীমান সদস্যই নহয়, বহু জবকাৰ্ড ভুৱাকৈ দেখুৱাই চৰকাৰী ধন আত্মসাৎ কৰিছে পঞ্চায়তৰ সচিবগৰাকীয়ে৷ আশ্চৰ্যজনকভাৱে এই ক্ষেত্ৰত নিমাত বোকাখাতৰ মহকুমা প্ৰশাসন৷

আনহাতে, আমাৰ অনুসন্ধানৰ সময়তে জীপাল কৃষক-শ্ৰমিক সংঘৰ একাংশ সদস্য পঞ্চায়তখনত উপস্থিত হৈ চৰকাৰী চোৰৰ দ্বাৰা জবকাৰ্ডৰ লুণ্ঠনৰ উচিত বিচাৰৰ দাবী জনায়৷ সংগঠনটোৰ উপদেষ্টা মণ্টু বৰা আৰু এগৰাকী কৰ্মকৰ্তা তিলক দাসে কয় যে দীৰ্ঘদিন ধৰি কুৰুৱাবাহী গাঁও পঞ্চায়তত ভয়াবহ কেলেংকাৰী সংঘটিত হৈ আহিছে৷

এইক্ষেত্ৰত মাত মাতিব গ'লেই পঞ্চায়তৰ সভাপতি-সচিবে অভব্য আচৰণ কৰে৷ আনহাতে, দুখীয়া ৰাইজৰ পেটৰ ভাত কাঢ়ি খাইছে পঞ্চায়তৰ সচিব পৰেশ গন্ধীয়াৰ লগ হৈ সভাপতি ৰূপা বৰাই৷ বিগত কেইবাবছৰৰ লগতে শেহতীয়াকৈ ২০১৭-১৮, ২০১৮-১৯ বিত্তীয় বৰ্ষৰ পৰাই পঞ্চায়তখনত বিভিন্ন লুণ্ঠন চলি আছে যদিও এইক্ষেত্ৰত গোলাঘাট পশ্চিম উন্নয়ন খণ্ড, বোকাখাতৰ পূৰ্বৰ বিষয়াসকলৰ দৰেই বৰ্তমানৰ খণ্ড উন্নয়ন বিষয়া দিলীপ চৰকাৰৰ ভূমিকা ৰহস্যজনক বুলিও সংগঠনটোৱে অভিযোগ কৰে৷ আনহাতে, সম্প্ৰতি চৰকাৰী চোৰৰ ঘাটিত পৰিণত হোৱা কুৰুৱাবাহী গাঁও পঞ্চায়তৰ সভাপতি-সচিবৰ বিৰুদ্ধে বোকাখাতৰ মহকুমাধিপতিক ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনাইছে সংগঠনটোৱে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in