বিজেপি চৰকাৰক ধিক্কাৰ জীপাল, আদিবাসী-চাওতাল ছাত্ৰ সন্থাৰ…

বিজেপি চৰকাৰক ধিক্কাৰ জীপাল, আদিবাসী-চাওতাল ছাত্ৰ সন্থাৰ…

ডিজিটেল সংবাদ, বোকাখাত: বুধবাৰে বোকাখাতত জীপাল কৃষক শ্ৰমিক সংঘ, আদিবাসী ছাত্ৰ সন্থা,চাওতাল ছাত্ৰ সন্থাই সম্প্ৰতি উচ্ছেদ কাৰ্যৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী সমদল গঢ়ি তোলে বোকাখাত ৰাজআলিত। ইয়াৰ উপৰিও মহকুমাধিপতিৰ যোগেদি মুখ্যমন্ত্ৰী ড' হিমন্ত বিশ্বশৰ্মাক উদ্দেশ্যি স্মাৰক পত্ৰত উল্লেখ কৰিছে যে, "আপোনাৰ চৰকাৰখনে নিজ প্ৰতিশ্ৰুতি ৰক্ষা কৰাত চূড়ান্ত বিফল হৈছে ।

নিৰ্বাচনৰ পূৰ্বে চাহ শ্ৰমিকৰ এশ শতাংশ নিৰাপত্তাৰ দায়িত্ব লোৱাৰ কথা কোৱা হৈছিল,যেনে বাগিচা তথা দাঁতি-কাষৰীয়া সকলো আদিবাসীক ভূমিপট্টা প্ৰদান কৰা , বাসগৃহ নিৰ্মাণ কৰি দিয়া, শিক্ষা আৰু স্বাস্থ্যৰ উন্নত সুবিধা প্ৰদান কৰা আদি প্ৰতিশ্ৰুতিৰে গাদীত বহা আপোনাৰ চৰকাৰখনে ওলোটাই শ্ৰমিকৰ স্থায়ী কৃষিভূমি , বাসগৃহত শ শ বুলড্ৰেজাৰ চলাই উচ্ছেদ কৰি আসূৰিক তৃপ্তি লোৱা পৰিলক্ষিত হৈছে। কাচাৰৰ ডলৌ চাহ বাগিচাত শ্ৰমিক জনতাৰ ৰায় নোলোৱাকৈ বিমান বন্দৰ স্থাপনৰ যোগেদি অসাংবিধানিক ভাবে শ্ৰমিকৰ জীয়াই থকাৰ মৌলিক অধিকাৰ ভঙ্গ কৰিছে। সস্তিয়া হিতাধিকাৰী সজাই অৰুনোদই আঁচনিৰ কেৱল ৯০০ টকাৰে আমাৰ জনতাক ক্ৰয় কৰি অপমান কৰিছে।

আনহাতে সৌ সিদিনা পৌৰসভা নিৰ্বাচনত ভূমিপট্টা প্ৰদানৰ প্ৰতিশ্ৰুতি দি গাদীত বহা চৰকাৰখনে গুৱাহাটী শিলসাঁকোৰ জনতাক কোনো আগতীয়া জাননী নিদিয়াকৈয়ে অতি নিৰ্মমভাৱে বৰষুণৰ বতৰতে উচ্ছেদ কৰিলে।
এইয়াই হ'ল আপোনাৰ চৰকাৰখনৰ বাস্তৱ ছবি"।

শিলসাঁকো আৰু কাছাৰৰ ডলু চাহ বাগিছাত চৰকাৰী পক্ষই চলোৱা নিৰ্মম উচ্ছেদ অভিযানৰ বিৰোধিতাৰে বুধবাৰে জীপাল কৃষক শ্ৰমিক সংঘ, আদিবাসী ছাত্ৰ সন্থা, সদৌ চাওতাল ছাত্ৰ সন্থা আৰু সদৌ চাওতাল যুৱ সন্থায়ে বোকাখাতত গ্ৰহন কৰা এক প্ৰতিবাদী কাৰ্যসূচীত এনে মন্তব্য কৰে প্ৰণদ্বীপ বেচৰা,দুলাই বৰাইক,পুতু‌ল নৰহ ,বিনোদ চৰেনে।স্মাৰক পত্ৰ পাঠ কৰে জীপাল কৃষক শ্ৰমিক সংঘৰ মুখপাত্ৰ প্ৰবীন পেগু। কাৰ্যসূচীত উপস্থিত থাকে জীপালৰ উপদেষ্টা সোনেশ্বৰ নৰহে।

বোকাখাত নগৰৰ মাজ মজিয়াদে বাহিৰ কৰা এক প্ৰতিবাদী সমদলৰ যোগেদি শিলসাঁকোৰ উচ্ছেদিত আৰু ডলু চাহ বাগিছাৰ উচ্ছেদৰ যোগেদি প্ৰভাৱিত হোৱা বাগিছা শ্ৰমিক সকলৰ পুনঃ সংস্থাপন আৰু উচিত ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা গ্ৰহনৰ দাবীত প্ৰতিবাদকাৰী কেওতা সংগঠণৰ স্বাক্ষৰিত এক স্মাৰক পত্ৰ বোকাখাতৰ মহকুমাধিপতিৰ জড়িয়তে মুখ্যমন্ত্ৰীলৈ প্ৰদান কৰে প্ৰতিবাদকাৰী সকলে।

উল্লেখযোগ্য যে, এই দাবী সমূহ পূৰণ নহ'লে শাসনাধিস্থ চৰকাৰখন জনতাৰ ৰাজনৈতিক প্ৰতিৰোধ সংগ্ৰামৰ সন্মূখীন হ'বলৈ বাধ্য হ'ব বুলি সকিয়াই দিয়ে জীপাল কৃষক শ্ৰমিক সংঘ আৰু আদিবাসী ছাত্ৰ সন্থা, সদৌ চাওতাল ছাত্ৰ সন্থা আৰু সদৌ চাওতাল যুৱ সন্থায়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in