বোকাখাতৰ উদীয়মান কবি পৰিণীতা হাজৰিকাৰ “হৃদয়ৰ এমুঠি কবিতা” উন্মোচন…

বোকাখাতৰ উদীয়মান কবি পৰিণীতা হাজৰিকাৰ “হৃদয়ৰ এমুঠি কবিতা” উন্মোচন…

ডিজিটেল সংবাদ, বোকাখাতঃ এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰীয়ে লকডাউনৰ সময়চোৱাত কবিতা লিখি ১৬জুন বুধবাৰে ছাত্ৰীগৰাকীৰ জন্মদিন উপলক্ষে গ্ৰন্থ আকাৰে ছপা ৰূপ দি প্ৰকাশৰ বাবে এক ইতিবাচক পদক্ষেপ হাতত লৈ উন্মোচন কৰা কাৰ্যক কমাৰগাঁও তথা বুধবাৰীৰ ৰাইজে আনন্দ প্ৰকাশ কৰাৰ লগতে উদীয়মান কবি গৰাকীৰ কবিতা পুথিখন উন্মোচন স্থলীতে বিভিনন্নজনে ক্ৰয় কৰি উৎসাহিত কৰে। যোৰহাটৰ "দিগদৰ্শন প্ৰকাশন"ৰ দ্বাৰা অসমীয়া মাহত প্ৰকাশিত শিশু আৰু কিশোৰৰ পষেকীয়া আলোচনী "জ্ঞানজ্যোতি"ৰ গোলাঘাট জিলাৰ বোকাখাত কমাৰগাঁও বুধবাৰীৰ প্ৰতিনিধি তথা মহুৰা হাইস্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰী পৰিণীতাৰ এই কবিতা পুথিখন সামাজিক দূৰত্ব ৰক্ষাৰ লগতে সকলো ধৰণৰ সাৱধানতা অৱলম্বন কৰি বুধবাৰীস্থিত পৰিণীতাৰ বাসগৃহত আয়োজিত গ্ৰন্থ উন্মোচনী সভাত কবিতা পুথি "হৃদয়ৰ এমুঠি কবিতা" উন্মোচন কৰে বোকাখাতৰ জ্যেষ্ঠ সাংবাদিক ভবানন্দ কলিতাই।

"দিগদৰ্শন প্ৰকাশন"ৰ সভাপতি ৰমেন শইকীয়াৰ পৌৰোহিত্যত জন্মদিনৰ লগত সংগতি ৰাখি আয়োজিত এই অনুষ্ঠানত গ্ৰন্থখনৰ প্ৰকাশক তথা দিগদৰ্শন প্ৰকাশনৰ স্বতাধিকাৰ পংকজ কুমাৰ দাস, মহুৰা হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক পূৰ্ণকান্ত বৰুৱা, ২নং বুধবাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী ৰূপা বৰা, সাংবাদিক ৰিণ্টু দুৱৰা, বিশিষ্ট সমাজকৰ্মী বিপুল হাজৰিকা, কবি বিশ্বজিত দাওৱে বক্তব্য ৰখা সভাখনত উদীয়মান নৃত্যশিল্পী অনন্যা দুৱৰাৰ আধুনিক নৃত্য আৰু উদীয়মান শিল্পী স্নিগ্ধাশিখা শইকীয়াৰ একক অভিনয়, প্ৰিয়াক্ষী গোহাঁইৰ গীত পৰিৱেশনে সকলোকে মুগ্ধ কৰে। কন্দৰ্প হাজৰিকা, জ্যোতিস্মান কলিতা, কৌশিক কমল বৰুৱা, পূবালী শইকীয়া, দৃষ্টি হাজৰিকাৰ কবিতা পাঠ কৰা অনুষ্ঠানৰ অন্তত বাবা হাজৰিকাই শলাগ জ্ঞাপন কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in