চিকিৎসালয়ৰ হেমাহিৰ বাবেই বোকাখাতত সৰ্প দংশনত এজনৰ মৃত্যু, উচিত তদন্তৰ দাবী জীপাল কৃষক শ্ৰমিক সংঘৰ…

চিকিৎসালয়ৰ হেমাহিৰ বাবেই বোকাখাতত সৰ্প দংশনত এজনৰ মৃত্যু, উচিত তদন্তৰ দাবী জীপাল কৃষক শ্ৰমিক সংঘৰ…

ডিজিটেল সংবাদ, বোকাখাতঃ বোকাখাতৰ শ্বহিদ কমলামিৰি অসামৰিক চিকিৎসালয় কৰ্তৃপক্ষৰ চুৰান্ত হেমাহিৰ বাবেই সৰ্প দংশনত এজন লোকৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন হৈছে। জানিব পৰা মতে বোকাখাতৰ সাপেখাতি গাঁৱৰ লফাই কাৰ্দং নামৰ লোকজনক চৱলা চাপৰিত নিজৰ কৃষি পথাৰত ব্যস্ত হৈ থকা অৱস্থাত বুধবাৰে বিষাক্ত সৰ্পই দংশন কৰাত তাৎক্ষনিক ভাৱে বোকাখাত শ্বহিদ কমলামিৰি অসামৰিক চিকিৎসালয়লৈ পৰিয়ালৰ লোকে চিকিৎসাৰ বাবে লৈ গৈছিল যদিও দায়িত্বত থকা চিকিৎসকে উৰ্ধতম কৰ্তৃপক্ষৰ অনুমতি অবিহনে সৰ্প দংশনৰ চিকিৎসাত ব্যৱহৃত "এণ্টিভেনাম" দিব পৰা নাযাব বুলি কোৱাৰ লগতে যোৰহাট চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়লৈ লৈ যাবলৈ পৰামৰ্শ দিয়েই দায়িত্ব সামৰিছিল।

পৰবৰ্তী সময়ত লোকজনক পৰিয়ালৰ লোকে যোৰহাট চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়লৈ লৈ গৈছিল যদিও তাতেই লোকজনৰ মৃত্যু হয়। বুধবাৰে সংঘটিত হোৱা ঘটনাটো বৃহস্পতিবাৰে পোহৰলৈ অহাৰ লগে লগেই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্ট হৈছে বোকাখাতত। এই ক্ষেত্ৰত স্বেচ্ছাসেৱী সংগঠণ জীপাল কৃষক শ্ৰমীক সংঘৰ সম্পাদক প্ৰবীন পেগুয়ে সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে শ্বহিদ কমলামিৰি অসামৰিক চিকিৎসালয়ল কৰ্তৃপক্ষৰ এনে অৱহেলাক দৰিদ্ৰ জনসাধাৰণৰ বাবে চৰম অপমানজনক বুলি অবিহিত কৰি সমগ্ৰ ঘটনাটো শীঘ্ৰে তদন্ত দাবী কৰিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in