বোকাখাতৰ ৰাজহুৱা খেলপথাৰত হ’ব গঁড়ৰ খৰ্গ দাহ: “বিশ্ব গঁড় দিৱস”ৰ দিনাই সম্পন্ন হ’ব এই দাহ কাৰ্য…

বোকাখাতৰ ৰাজহুৱা খেলপথাৰত হ’ব গঁড়ৰ খৰ্গ দাহ: “বিশ্ব গঁড় দিৱস”ৰ দিনাই সম্পন্ন হ’ব এই দাহ কাৰ্য…

ডিজিটেল সংবাদ বোকাখাতঃ বোকাখাতৰ ৰাজহুৱা খেলপথাৰত মুকলিকৈ জ্বলিব গঁড়ৰ খৰ্গ। এই লৈ এতিয়া বোকাখাতৰ ৰাজহুৱা খেলপথাৰ চলিছে ব্যাপক আয়োজন।অহা ২২ চেপ্তেম্বৰ অৰ্থাৎ বুধবাৰে "বিশ্ব গঁড় দিৱস"ৰ দিনা বোকাখাতৰ ৰাজহুৱা খেলপথাৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত বন্যপ্ৰাণী প্ৰতিৰক্ষা আইন ১৯৭২ ৰ ৩৯ অনুচ্ছেদৰ অধীনত দাহ কৰা হ'ব এইসল খৰ্গসমূহ। উল্লেখ্য যে এই খৰ্গসমূহ বন বিভাগে বিভিন্ন সময়ত বিশ্ব ঐতিৰ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু অন্যান্য উৎসৰ পৰা উদ্ধাৰ কৰিছিল।

এই দাহন কাৰ্যৰ বাবে বোকাখাতৰ ৰাজহুৱা খেলপথাৰত ৬ টাকৈ গেছ চালিত চৌকা সংস্থাপন কৰা হৈছে। নিৰ্মান কৰা হৈছে সভা থলী ৷
আৰু এই সমগ্ৰ দাহন কাৰ্যৰ তত্বাৱধানত আছে ৰাজ্যখনৰ চিফ ৱাইল্ড লাইফ ৱাৰ্ডেন প্ৰধান এম কে যাদৱ। গোলাঘাট, কাজিৰঙা, নগাঁও, তেজপুৰকে ধৰি ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত মজুত হৈ থকা দাহ কৰিব লগীয়া গঁড়ৰ খৰ্গসমূহ ইতিমধ্যে উচ্চস্তৰীয় বিশেষজ্ঞ দলে পুনৰীক্ষণ সম্পন্ন কৰিছে।

জানিব পৰা মতে, ৰাজ্যখনৰ কোষাগাৰত থকা ২,৬২৩ টা গঁড়ৰ খৰ্গ ইতিমধ্যে পুনৰীক্ষণ কৰাৰ পিছত তাৰে দাহ কৰিব ২,৪৭৯ টা খৰ্গ। আনহাতে মুঠ খৰ্গৰ পৰা ৯৪ টা গঁড়ৰ খৰ্গ সংৰক্ষণ কৰাৰ উপৰি ৰাজ্যৰ বিভিন্ন আদালতত গোচৰ চলি থকা ৫০ টা খৰ্গ সংৰক্ষণ কৰি ৰখাৰ ব্যৱস্থা কৰিছে বন বিভাগে ।

উল্লেখযোগ্য যে, দুখনমান বিদেশী ৰাষ্ট্ৰৰ অন্ধবিশ্বাসৰ বাবেই বিশ্বৰ গঁড়ৰ খৰ্গৰ এখন বজাৰ গঢ়ি উঠিছে ৷ এই বজাৰত গঁড়ৰ খৰ্গৰ মূল্য শূণ্য কৰাৰ বাবেই খৰ্গসমূহ দাহ কৰাৰ ব্যৱস্থা কৰা বুলি বন বিভাগৰ সুত্ৰত প্ৰকাশ ৷

ইফালে বিগত সপ্তাহত গোলাঘাট কোষাগাৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই মজুত কৰি থোৱা গঁড়ৰ খৰ্গৰ হিচাপক লৈ সৃষ্টি হৈছিল কিছু বিতৰ্কৰ।অৱশ্যে বন বিভাগৰ মতে, গোলাঘাট কোষাগাৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই মুঠ ১,১৯৩ টা গঁড়ৰ খৰ্গ জমা ৰাখিছিল। ইয়াৰে ১,১৯২ টা পুনৰীক্ষণ কৰা হয় যদিও আদালতত গোচৰ চলি থকাৰ বাবে এটা খৰ্গ পুনৰীক্ষণ কৰাৰ পৰা বিৰত থাকে বন বিভাগ। আনহাতে গোলাঘাট বন সংমণ্ডল বিভাগৰ দুটা আৰু যোৰহাট কোষাগাৰৰ পৰা অনা তিনিটা গঁড়ৰ খৰ্গক লৈ মুঠ ১,১৯৭ টা গঁড়ৰ খৰ্গ পুনৰীক্ষণ কৰিছিল বন বিভাগে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in