ইন্দ্ৰধনুষ গেছ গ্ৰীড লিমিটেডৰ বিৰুদ্ধে অবৈধভাৱে ভূমি অধিগ্ৰহণৰ অভিযোগ জীপাল কৃষক শ্ৰমিক সংঘৰ, উপায়ুক্তলৈ প্ৰেৰণ স্মাৰকপত্ৰ…

ইন্দ্ৰধনুষ গেছ গ্ৰীড লিমিটেডৰ বিৰুদ্ধে অবৈধভাৱে ভূমি অধিগ্ৰহণৰ অভিযোগ জীপাল কৃষক শ্ৰমিক সংঘৰ, উপায়ুক্তলৈ প্ৰেৰণ স্মাৰকপত্ৰ…

ডিজিটেল সংবাদ, বোকাখাতঃ বোকাখাতত ইন্দ্ৰধনুষ গেছ গ্ৰীড লিমিটেডৰ বিৰুদ্ধে অবৈধভাৱে কৃষকৰ ভূমি অধিগ্ৰহণৰ লগতে বুলড'জাৰ চলাই শস্যৰে ভৰা কৃষিপথাৰ নষ্ট কৰাৰ অভিযোগ উত্থাপন স্থানীয় কৃষক আৰু জীপাল কৃষক শ্ৰমিক সংঘৰ। অভিযোগ অনুসৰি বোকাখাত মহকুমাৰ দুসূঁতীমুখ পঞ্চায়তৰ অধীনৰ জনজাতীয় অঞ্চলত ৰাজহুৱা শুনানি তথা উচিত ক্ষতিপূৰণৰ অবিহনেই কৃষকৰ ভুমি অধিগ্ৰহণৰ চেষ্টা চলাইছিল কোম্পানীটোৱে।

ইতিমধ্যে কোম্পানীটোৱে অবৈধভাৱে চলোৱা অধিগ্ৰহণৰ কাম সাময়িকভাৱে বন্ধ ৰখাৰ দাবীত স্থানীয় প্ৰশাসনৰ যোগেদি উপায়ুক্তলৈ স্মাৰকপত্ৰ প্ৰদান কৰিছে স্থানীয় ৰাইজৰ সহযোগত জীপাল কৃষক শ্ৰমিক সংঘই। ৰাজহুৱা শুনানী তথা উচিত ক্ষতিপূৰণ লগতে DPR প্ৰদৰ্শন নকৰা পৰ্যন্ত আৰু ক্ষতিপূৰণৰ স্পষ্ট নীতি থিৰাং নকৰা পৰ্যন্ত কাম বন্ধ ৰখাৰো দাবী জনোৱা হৈছে স্মাৰকপত্ৰৰ যোগেদি। লগতে ইয়াৰ অন্যথা প্ৰতিৰোধ সংগ্ৰাম গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিছে সংগঠনটোৱে। উল্লেখযোগ্য যে, ভাৰত চৰকাৰৰ পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ হৈ কাম কৰি আছে ইন্দ্ৰধনুষ গেছ গ্ৰীড লিমিটেডে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in