বোকাখাতত বনৰীয়া হাতীৰ আক্ৰমণত নিহত শিশু…

বোকাখাতত বনৰীয়া হাতীৰ আক্ৰমণত নিহত শিশু…
  • বৃহস্পতিবাৰে বিয়লি বোকাখাতৰ বিহৰাৰ মিকিৰচাঙত হাতীৰ আক্ৰমনত ১০ বছৰীয়া শিশু নিহত।
  • জানিব পৰা মতে, নিহত শিশুটি বিহৰা বাগিছাৰ মিকিৰচাং পাহাৰ লাইনৰ চুৰমা ৰাউটীয়াৰ পুত্ৰ দীপ ৰাউটীয়া।
  • শিশুটি বিয়লি বাগিছাৰ সমিপবৰ্তী পাহাৰ দিশে ফুৰিবলৈ যোৱাৰ অৱস্থাত সংঘটিত হয় ঘটনাটো।
  • নিহত দীপৰ মৃতদেহ বোকাখাত আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰে।
  • ঘটনা সংঘটিত হোৱাৰ ২ ঘণ্টাৰ পাছটো বন বিভাগৰ লোক উপস্থিত নোহোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in