বোকাখাতত ডাম্পাৰৰ খুন্দাত প্ৰাণ হেৰুৱালে মহিলাই…

বোকাখাতত ডাম্পাৰৰ খুন্দাত প্ৰাণ হেৰুৱালে মহিলাই…

ডিজিটেল সংবাদ, বোকাখাতঃ বোকাখাতৰ কমাৰগাঁৱত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। এখন ডাম্পাৰৰ খুন্দাত এগৰাকী মহিলাৰ মৃত্যু হয়। নিহত মহিলাগৰাকী সোণোৱাল গাঁৱৰ মইনা শইকীয়া বুলি জানিব পৰা গৈছে। ঘটনাত গুৰুতৰভাৱে আহত হৈছে আন চাৰিগৰাকী লোকো। নুমলীগড়ৰ পৰা দেৰগাঁও অভিমুখে গৈ থকা এ এছ ০৯ চি ৩৫৫১ নম্বৰৰ ডাম্পাৰখনে কমাৰগাঁও থানাৰ সমীপৰ পানি দিহিঙীয়াত পথৰ কাষত হৰেকমাল ব্যৱসায়ীৰ সামগ্ৰী চাই থকা অৱস্থাত চাৰিগৰাকী লোকক খুন্দা মাৰে। আহত কেইগৰাকীক বোকাখাত কমলামিৰি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in