বোকাজানত দুটা পিষ্টলসহ যুৱকক গ্ৰেপ্তাৰ…

বোকাজানত দুটা পিষ্টলসহ যুৱকক গ্ৰেপ্তাৰ…
  • বোকাজানৰ খটখটী আৰক্ষীৰ জালত দুটা পিষ্টল সহ যুৱক ।
  • বোকাজানৰ SDPO জ'ন দাস , বৰপথাৰ CI ভূপেন কলিতা আৰু খটখটী OC মৌব্লিক ব্ৰহ্মই অভিযান চলাই উদ্ধাৰ কৰে পিষ্টল দুটা ।
  • বোকাজান আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত খটখটীত নাকা তালাচীত এজন যুৱকক তালাচী চলাওঁতে আৰক্ষীৰ জালত পৰে ধৃত চাহিল খান।
  • ধৃত চাহিল খানৰ পৰা এটা .২২ পিষ্টল আৰু এটা ৭.৬৫ পিষ্টলৰ সৈতে ৭ জাই সজীৱ গুলি উদ্ধাৰ কৰে আৰক্ষীয়ে ।
  • আৰক্ষীৰ তদন্তত পিষ্টল দুটা বিক্ৰীৰ উদ্দেশ্যে আনিছিল বুলি জানিব পৰা গৈছে ।
  • পৰৱৰ্তী সময়ত আৰক্ষীয়ে অধিক তথ্য দাঙি ধৰিব বুলি জানিবলৈ দিয়ে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in