বোকাজানত ট্ৰাক মালিক, কৰ্মচাৰী সন্থাৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণঃ প্ৰশাসনৰ নিৰ্দেশনাই বিপদত পেলাইছে…

বোকাজানত ট্ৰাক মালিক, কৰ্মচাৰী সন্থাৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণঃ প্ৰশাসনৰ নিৰ্দেশনাই বিপদত পেলাইছে…

ডিজিটেল সংবাদ বোকাজানঃ বোকাজানত ট্ৰাক মালিক সন্থা আৰু ট্ৰাকৰ কৰ্মচাৰী সকলৰ মুখ্য মন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ ।বোকাজানৰ নগৰৰ মাজেৰে ১২ টনতকৈ অধিক কোনো বাহনে বোজাই কৰিব নোৱাৰিব বুলি প্ৰশাসনে জাৰি কৰা নিৰ্দেশনাক লৈ ক্ষোভিত ট্ৰাক মালিক সন্থা ।ট্ৰাক মালিক সন্থাৰ মতে এখন ট্ৰাকৰ ন্যূনতম ভৰ ৭ ৰ পৰা ৮ টন আৰু যাৰ পৰিপ্ৰেক্ষিতত মাত্ৰ ৪ টন বোজাহে কঢ়িয়ার পাৰিব আৰু যাৰ ফলত ট্ৰাক মালিক সকলৰ যথেষ্ট লোকচান হ'ব ।

এই নিৰ্দেশনাৰ ফলত বোকাজানত শাক পাচলি তথা আলু পিয়াঁজৰ মূল্য বৃদ্ধি পাব বুলি ট্ৰাক মালিক সন্থাই দাবী কৰে। কিয়নো এখন ট্ৰাকত ৪ টন কৈ সামগ্ৰী কঢ়িয়ালে নিশ্চিত ভাবে বহুত লোকচানৰ সন্মুখীন হ'ব লাগিব যাৰ ফলত মূল্য বৃদ্ধি হোৱাটো প্ৰায় নিশ্চিত ।আনহাতে এই নিৰ্দেশনাৰ পিছত জাঙুৰ খাই উঠিছে বোকাজানৰ ট্ৰাক কৰ্মচাৰী সকল।

এই নিৰ্দেশনাৰ পিছতেই ৪ দিন ধৰি কোনো ধৰণৰ কাম উপলব্ধ হোৱা নাই আৰু যাৰ ফলত ভোকে পিয়াহে দিন কটাইছে বুলি মন্তব্য কৰিছে কৰ্মচাৰী সকলে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in