শেহতীয়া খবৰ
বিহাৰ বিধানসভা নিৰ্বাচন...  •  ৩১ অক্টোবৰত চাব আকাশলৈ, দেখা পাব ‘ব্লু মুন’...  •  উত্তৰ প্ৰদেশৰ গো হত্যা আইনৰ অপব্যৱহাৰকলৈ উদ্বেগ প্ৰকাশ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ...  •  হাথৰছ ধৰ্ষণ-হত্যাকাণ্ডঃ মঙলবাৰে উচ্চতম ন্যায়ালয়ে প্ৰদান কৰিব কিছু গুৰুত্বপূৰ্ণ ৰায়দান...  •  হাতে হাতে দা-তৰোৱাল, তিনিচুকীয়াত বজৰং দলৰ সশস্ত্ৰ বাইক ৰেলী...  •  নৱমী পূজাৰ নিশা বৰপেটাৰোডত সাংবাদিক আক্ৰমণৰ ঘটনা...  •  আইপিএলৰ পৰা বাহিৰ হ’ল চেন্নাই...  •  জম্মু-কাশ্মীৰৰ পিপলছ ডেম’ক্ৰেটিক পাৰ্টীৰ মুৰব্বী মেহবুবা মুফতীৰ মন্তব্যক লৈ সৰৱ তিনি নেতাৰ পদত্যাগ...  •  সেৰেঙা ভক্তৰ উপস্থিতত আড়ম্বৰতা অবিহনে মঙলদৈত বিজয়া দশমী...  •  পিয়াজৰ মালা পিন্ধি নিৰ্বাচনী প্ৰচাৰত তেজস্বী যাদৱ...

বোকাজানটো অনুষ্টুপীয়াকৈ পালন শিক্ষক দিৱস…

45

ডিজিটেল সংবাদ, বোকাজানঃ শিক্ষকসকলক সন্মান জনোৱাৰ উদ্দেশ্যে ৫ ছেপ্টেম্বৰৰ দিনটো শিক্ষক দিৱস হিচাপে পালন কৰা হয়। শিক্ষাৰ পোহৰ বিস্তাৰ আৰু ছাত্ৰ-ছাত্ৰীক সু-নাগৰিক হিচাপে গঢ়ি তোলাত শিক্ষক সকলৰ অৱদানক সন্মান জনাই প্ৰতি বছৰে শিক্ষক দিৱস পালন কৰা হয়।

কোৰোনাৰ বাবে সমগ্ৰ দেশতেই বন্ধ হৈ আছে বিদ্যালয়-মহাবিদ্যালয়, শিক্ষানুষ্ঠানসমূহ। এসময়ত শাৰী শাৰীকৈ পাঠদান কৰা স্কুলৰ বেঞ্চবোৰ এতিয়া ধূলিময় হৈ পৰিছে। বিদ্যালয় মহাবিদ্যালয় সকলোতে নিমাওমাও পৰিৱেশ। কোৰোনা মহামাৰীৰে যেন স্তব্ধ কৰি পেলাইছে শিক্ষাৰ্থীৰ জীৱন।

সমগ্ৰ দেশৰ লগতে উদ্যোগনগৰী বোকাজানটো অনুষ্টুপীয়াকৈ পালন কৰা হয় শিক্ষক দিৱস। জগতক জ্ঞানৰ পোহৰে পোহৰাই তোলা পূজনীয় শিক্ষা গুৰুসকলৰ আজিৰ দিনটো কোৰোনা মহামাৰীৰ বাবে পালন কৰিব পৰা ন’গল। বোকাজান উচ্চ মাধ্যমিক বিদ্যালয়, শংকৰদেৱ শিশু নিকেতনত সৰ্বপলি ৰাধাকৃষ্ণ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যপন কৰে শিক্ষক-শিক্ষয়িত্ৰীসকলে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি