দুই মৃতদেহক কেন্দ্ৰ কৰি নামবৰ বাগানত চাঞ্চল্য…

দুই মৃতদেহক কেন্দ্ৰ কৰি নামবৰ বাগানত চাঞ্চল্য…
  • বোকাজানত দুটা অচিনাক্ত মৃতদেহক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য।
  • বোকাজানৰ নামবৰ বাগানৰ মাজত উদ্ধাৰ হৈছে দুটা অচিনাক্ত মৃতদেহ।
  • পুৱাই স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে দুটাকৈ মৃতদেহ আৰু খবৰ দিয়ে আৰক্ষীক।
  • মৃতদেহ দুটাৰ এজন পুৰুষ আৰু এগৰাকী মহিলাৰ।
  • মৃত মহিলাগৰাকীক ইতিমধ্যে পৰিয়ালৰ লোকে চিনাক্ত কৰি মিৰা কুর্মী বুলি জানিবলৈ দিছে।
  • আনহাতে মৃত পুৰুষ জনক এই পৰ্যন্ত চিনাক্ত কৰা হোৱা নাই।
  • দুয়োৰে মৃত্যু কিদৰে, কেনেকৈ হ'ল সেই বিষয়ে এই পৰ্যন্ত জানিব পৰা নাই।
  • এই সন্দৰ্ভত গাঁওবাসীয়ে মিশ্ৰিত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।
  • একাংশৰ মতে এয়া হত্যা কাণ্ড আৰু আন একাংশৰ মতে নিজেই বিহ পান কৰি আত্মহত্যা কৰিছে বুলি সন্দেহ প্ৰকাশ কৰিছে।
  • অৱশ্যে সমগ্ৰ ঘটনাৰ আৰক্ষীৰ তদন্তৰ পিছত হে ৰহস্য ভেদ হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in