বোকাজান মহকুমাৰ মহিলা দণ্ডাধীশ বেমঠৈ আহংবাম চানুৰ অকাল মৃত্যু…

বোকাজান মহকুমাৰ মহিলা দণ্ডাধীশ বেমঠৈ আহংবাম চানুৰ অকাল মৃত্যু…

ডিজিটেল সংবাদ, বোকাজান: নাগালেণ্ডৰ নিকছ হাস্পতালত মৃত্যু হয় বোকাজান মহকুমাৰ দণ্ডাধীশ বেমঠৈ আহংবাম চানুৰ। দুদিন পূৰ্বে হঠাৎ অসুস্থ হৈ পৰিছিল বেমঠৈ আহংবাম চানু৷ মঙলবাৰে হঠাৎ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত এয়াৰ এম্বুলেঞ্চৰ যোগেদি চানুক চেন্নাইলৈ নিয়াৰ যো-জা কৰা হৈছিল।

কিন্তু মঙলবাৰে দুপৰীয়া শেষ নিশ্বাস ত্যাগ কৰে বেমঠৈ আহংবাম চানুৱে। চিকিৎসকে প্ৰকাশ কৰা অনুসৰি বৃক্ক আৰু যক্কৃত দুয়োটাই বিকল হৈ পৰিল চানুৰ। অতি কম বয়সতে জীৱন যাত্ৰা সামৰা বোকাজানৰ দণ্ডাধীশৰ মৃত্যুত সমগ্ৰ বোকাজানতে পৰিছে গভীৰ শোকৰ ছাঁ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in