তবলাৰে জগত জিনাৰ প্ৰয়াস বোকাজানৰ কিশোৰী শ্রেয়া ভট্টাচাৰ্যৰ, VIDEO

তবলাৰে জগত জিনাৰ প্ৰয়াস বোকাজানৰ কিশোৰী শ্রেয়া ভট্টাচাৰ্যৰ, VIDEO

ডিজিটেল সংবাদ, বোকাজানঃ তবলাৰে জগত জিনাৰ প্ৰয়াস এজনী কণমানি চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী শ্রেয়া ভট্টাচাৰ্যৰ। শ্রেয়াৰ হাতৰ পৰশত তবলাই প্ৰাণ পাই উঠে। শ্রেয়াই ২০১৮ চনৰ ২৬ ৰ পৰা ২৯ জুলাইলৈকে শব্দৰ উদ্যোগত যোৰহাটত অনুষ্ঠিত উত্তৰ পূৰ্বাঞ্চলৰ এক প্ৰতিযোগিতাত তবলাত প্ৰথম স্হান অধিকাৰ কৰে।

২০১৮ চনৰেই ২১ ৰ পৰা ২৩ ডিচেম্বৰলৈ ঝাৰখণ্ডৰ ধানবাদত নেতাজী সুভাষ চন্দ্ৰ বসু মঞ্চ কালচাৰেল ছ'চাইটীৰ উদ্যোগত অনুষ্ঠিত All India National Cultural Competition & Festiva, 2018 ত তবলা বাদনত তৃতীয় স্হান দখল কৰাৰ লগতে চলিত বৰ্ষত অখিল ভাৰতীয় সাংস্কৃতিক সংঘৰ উদ্যোগত UNESCO ৰ সহযোগত পুনেত অনুষ্ঠিত 15th Cultural Forum of Performing Arts, Bharat Season, 2019 ত অংশগ্ৰহণ কৰি তৃতীয় স্হান দখল কৰি প্ৰশংসা বুটলিবলৈ সক্ষম হয়।

যাৰ বাবে শ্রেয়াই আগন্তুক ২৩ ৰ পৰা ২৮ ডিচেম্বৰলৈ UNESCO ৰ উদ্যোগত ছিংগাপুৰত অনুষ্ঠিত হ'বলগীয়া এক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিছে। এগৰাকী সুদক্ষ তবলাবাদক হোৱাৰ লক্ষ্যৰে আগবঢ়া শ্রেয়া ডাঙৰ হৈছে এক সাংস্কৃতিক পৰিৱেশত। বোকাজান নগৰৰ ছয় নং ৱাডৰ আবাসী ৰাজীৱ ভট্টাচাৰ্য একমাত্ৰ কন্যা শ্রেয়া।

শ্রেয়াৰ পিতৃ এগৰাকী তবলাৰ শিক্ষক তথা মাতৃ এগৰাকী গান আৰু হাৰমনিয়ামৰ শিক্ষয়িত্ৰী। দুয়োৰে প্ৰচেষ্টাত শ্রেয়াই সংগীত তথা তবলা বাদনৰ চেষ্টা কৰি থকাৰ লগতে তবলাৰ এগৰাকী প্ৰখ্যাত গুৰু কলকাতাৰ ওস্তাদ চবিৰ খাঁৰ ওচৰতো তবলাৰ প্ৰশিক্ষণ গ্ৰহণ কৰি আছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in