বোকাজানৰ অসম-নাগালেণ্ড সীমান্তত উচ্ছেদৰ বাবে সাজু প্ৰশাসনঃ আৰক্ষী, চি আৰ পি এফৰ বৃহৎ দল সাজু…

বোকাজানৰ অসম-নাগালেণ্ড সীমান্তত উচ্ছেদৰ বাবে সাজু প্ৰশাসনঃ আৰক্ষী, চি আৰ পি এফৰ বৃহৎ দল সাজু…
  • কাৰ্বি আংলঙৰ বোকাজানৰ অসম-নাগালেণ্ড সীমান্তত উচ্ছেদ অভিযান।
  • সীমান্তৰ লাহৰিজানৰ ব্লক-৩ৰ দুদু কলনিত চলিব এই অভিযান।
  • কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে চলাব এই উচ্ছেদ অভিযান।
  • জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ সহযোগত চলিব এই অভিযান।
  • উচ্ছেদৰ বাবে লাহৰিজানত সাজু হৈ পৰিছে আৰক্ষী,চি আৰ পি এফৰ বৃহৎ দল।
  • জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলো উপস্থিত হৈছেহি লাহৰিজানত।
  • উক্ত এলেকাত চৰকাৰী ভূমি অবৈধভাৱে দখল কৰি ১৮১ টা পৰিয়ালে বসতি স্থাপন কৰি আছে।
  • এলেকাটোত অবৈধভাৱে বাস কৰি থকা ১০০ ঘৰ লোকৰ বিৰুদ্ধে চলিব এই অভিযান।
  • অৱশ্যে ইয়াৰে সৰহ সংখ্যকেই উচ্ছেদ চলোৱাৰ পূৰ্বেই ঘৰৰ সা সামগ্ৰী লৈ এই স্থান ত্যাগ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in