থলুৱা শিক্ষিত নিবনুৱাক বঞ্চিত কৰি বহিঃৰাজ্যৰ যুৱকৰ ৰঙা দলিছা বোকাজান চিমেন্ট কাৰখানা কৰ্তৃপক্ষৰ…

থলুৱা শিক্ষিত নিবনুৱাক বঞ্চিত কৰি বহিঃৰাজ্যৰ যুৱকৰ ৰঙা দলিছা বোকাজান চিমেন্ট কাৰখানা কৰ্তৃপক্ষৰ…

ডিজিটেল সংবাদ,বোকাজানঃ উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ ৰাজহুৱা খণ্ডৰ উদ্যোগ বোকাজান বিলাতী মাটি কাৰখানাত কৰ্মৰত এচাম উচ্চ পদস্থ স্বাৰ্থলোভী দিল্লীলবী বিষয়াৰ অসম বিৰোধী স্থিতিত ক্ষুদ্ধ হৈ পৰিছে জাতীয় সংগঠন অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কাৰ্বি আংলং জিলা সমিতি।ৰাজ্যত প্ৰায় ২০ লাখতকৈ অধিক নিবনুৱাৰে জৰ্জৰিত অসমৰ থলুৱা নিবনুৱাক বঞ্চিত কৰি জন্মলগ্নৰে পৰা লাভৰ মুখ দেখি অহা একমাত্ৰ উদ্যোগটিত একাংশ বিষয়াই চলাই আহিছে শোষণৰাজ।

ৰাজ্যৰ বাহিৰৰ যুৱকক নিযুক্তি দিয়া কাৰ্যৰ বিৰোধিতা জনাই আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, কাৰ্বি আংলং জিলা সমিতিয়ে বোকাজান বিলাতী মাটি কাৰখানাৰ মহাপ্ৰবন্ধকক এখনি স্মাৰক পত্ৰ প্ৰদান কৰাৰ লগতে এনে অসম বিৰোধী মনোভাব পৰিহাৰ কৰিবলৈ দাবী জনায়। উল্লেখযোগ্য যে অসমৰ থলুৱা নিবনুৱাক বঞ্চিত কৰি শেহতীয়াকৈ দিল্লীত গ্ৰহণ কৰা হৈছিল সাক্ষাৎকাৰ।অসমৰ বহু সংখ্যক ডিপ্লমাধাৰী নিবনুৱা যুৱকক বঞ্চিত কৰি বহি:ৰাজ্যৰ পৰা ১৩ জনকৈ যুৱকক নিযুক্তিৰ বাবে অনা হৈছে বোকাজানলৈ।

অসমৰ বাহিৰৰ আন ৰাজহুৱাখণ্ডৰ বিলাতী মাটি কাৰখানাত সাক্ষাৎকাৰ অনুস্থিত নকৰি অসমত পুনৰ সা‌‌ক্ষাৎকাৰ অনুস্থিত কৰাৰ দাবী জনাই সংগঠনটোৱে। ইফালে জানিব পৰা মতে, এই ১৩ জন যুৱকক ৰাজবন থকা চিমেণ্ট কাৰখানাত নিযুক্তিৰ বাবে গৈছিল যদিও তাৰ স্থানীয় বিধায়ক গৰাকীয়ে তাত যোগদান কৰিবলৈ বাধা দিয়াত পুনৰ দিল্লীলৱীয়ে তেওঁলোকক বোকাজান চিমেণ্ট কাৰখানা লৈ প্ৰেৰণ কৰে। অন্যহাতে বহিঃৰাজ্যৰ পৰা অহা ১৩ জন যুৱকৰ ভিতৰত বৰ্তমান এগৰাকী যুৱকৰ গাত কোভিড পজিটিভ পোৱা গৈছে।

এনে মহামাৰীৰ সময়ত বোকাজান বিলাতী মাটি কাৰখানা কৰ্তৃপক্ষই থলুৱা যুৱকক প্ৰৱঞ্চিত কৰি যি নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিছে সেইয়া চৰম দুৰ্ভাগ্যজনক। ১৯৭০ চনতে স্থাপন হোৱা ৬০০ মেট্ৰিক টন চিমেণ্ট উৎপাদনক্ষম বোকাজান বিলাতী মাটি কাৰখানাটোৰ থলুৱা নিযুক্তিৰ বাবে সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, কাৰ্বি ছাত্ৰ সন্থাকে ধৰি বিভিন্ন সংগঠনে আজিকুপতি দাবী জনায় আহিছে। তাৰ পিছতো এনে থলুৱা বিৰোধী নীতিৰ বাবে ক্ষুদ্ধ হৈ পৰিছে জাতীয় সংগঠনটোৰ লগতে স্হানীয় ৰাইজ।

অন্যহাতে দীৰ্ঘদিন ধৰি কাৰখানাটোৰ পৰা নিৰ্গত হোৱা ধূলিৰ বাবে প্ৰদূষিত হৈ অঞ্চটোৰ বহুত কেইখন গাঁৱৰ লোকৰ বিভিন্ন ৰোগত আক্ৰান্ত হোৱাৰ লগতে সা সম্প্ৰতি, কৃষি কাৰ্য্য আৰু জীৱ জন্তুৰ বিস্তৰ ক্ষতি সাধন হৈছে। উল্লেখযোগ্য যে সদৌ অসম ছাত্ৰ সন্থাই ২০১৮ চনৰ ডিচেম্বৰ মাহত বোকাজানৰ ১০০০ জন স্থানীয় ব্যক্তিৰ স্বাক্ষৰ লৈ সংস্থাপনৰ দাবী কৰি প্ৰধানমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছিল। কিন্তু আজি পৰ্যন্ত কাৰখানাটোত কোনো ধৰণৰ স্থানীয় লোকৰ সংস্থাপন হোৱা নাই। যাৰ বাবে বোকাজান অঞ্চলত অধিক হাৰত নিবনুৱা সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in