বোকাজানত পুনৰ ২জন ব্যক্তিৰ দেহত কোৰোনা ভাইৰাছ…

বোকাজানত পুনৰ ২জন ব্যক্তিৰ দেহত কোৰোনা ভাইৰাছ…

ডিজিটেল সংবাদ, বোকাজানঃ সমগ্ৰ ৰাজ্যৰ লগতে বোকাজানতো ৪ জনলৈ বৃদ্ধি পালে কোৰোনা ভাইৰাছত আক্ৰান্ত ব্যক্তি। নতুনকৈ কোৰোনা ভাইৰাছ ধৰা পৰা যুৱক দুজন বিদুৱেল মমিন আৰু ভৰত মাহাতু। বিদুৱেল মমিনৰ ঘৰ বালিপথাৰৰ নেপেৰপেটিত আৰু ভৰত মাহাতুৰ ঘৰ ঘৰিয়াল ডুবিৰ নকাতাত।

বোকাজান মহকুমাৰ আৰক্ষী বিষয়াৰ ভাষ্য অনুসৰি যুৱক দুজনে ২১ মে'ত বাংগালুৰুৰ পৰা বিশেষ ৰে'লৰ যোগেদি আহি হোটেল ধনশিৰিত কোৱাৰেণ্টাইন হৈ আছিল।

মঙলবাৰে তেওঁলোকৰ তেজৰ নমুনাৰ ফলাফল অনুসৰি কোৰোনাত আক্ৰান্ত হোৱা বুলি বোকাজান মহকুমা প্ৰশাসনে যানিবলৈ দিয়ে। বৰ্তমান যুৱক দুজনক মহকুমা প্ৰশাসনে ডিফু চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in