ভোটাৰক প্ৰলোভন গেৰুৱা দলৰ! বোকাখাতত নিৰ্বাচনৰ এদিন পূৰ্বে জব্দ ১৫০ সুৰাৰ বটল

ভোটাৰক প্ৰলোভন গেৰুৱা দলৰ! বোকাখাতত নিৰ্বাচনৰ এদিন পূৰ্বে জব্দ ১৫০ সুৰাৰ বটল

ডিজিটেল সংবাদ, কাজিৰঙাঃ জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাৰ চেষ্টা কৰি ইতিমধ্যেই গণভিত্তি হেৰুৱাই অসম বিজেপিয়ে সম্প্ৰতি ভোটাৰৰ মন জয় কৰিবলৈ সুৰাৰ আশ্ৰয় লৈছে। পূৰ্বৰ কংগ্ৰেছীয়ে কৰা নিকৃষ্ট ৰাজনীতিকেই অনুকৰণ কৰি গেৰুৱা বাহিনীয়ে বোকাখাতৰ মানুহ এঘৰত লুকুৱাই ৰখা বৃহৎ পৰিমাণৰ সুৰা মঙলবাৰে ৰাইজে জব্দ কৰে।

মঙলবাৰে দিন-দুপৰতে ৰাইজে জব্দ কৰা সুৰাখিনি পাছত বোকাখাত আৱকাৰীয়ে চমজি লোৱাৰ লগতে এজন লোকক আটক কৰে। লক্ষণীয়ভাৱে প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনলৈ মাজত মাথো কেইঘণ্টামান বাকী থকা অৱস্থাত ৰাজনৈতিক দলসমূহে ভোটাৰক আকৃষ্ট কৰাৰ উদ্দেশ্যেৰে বিভিন্ন কু-অভিসন্ধিত লিপ্ত হোৱাৰ সময়তে বোকাখাতত আজি এজন ৰাজনৈতিক কৰ্মীৰ ঘৰত মদ উদ্ধাৰ হোৱা ঘটনাই ৰাজনৈতিক দলসমূহৰ প্ৰকৃত স্বৰূপ উদঙাই দিছে।

উল্লেখ্য যে বোকাখাতৰ বৰচাপৰি চাহ বাগিচাত ভোটাৰৰ মাজত বিলাবলৈ নিয়া ৰাইন' ব্ৰেণ্ডৰ ১৫০ বটল মদ নিয়াৰ কথা গম পায় স্থানীয় ৰাইজে। লগে লগে ৰাইজে বিষয়টো বোকাখাত মহকুমা প্ৰশাসনক অৱগত কৰাত প্ৰশাসনৰ তৰফৰ পৰা সুৰাখিনি জব্দ কৰা হয়। জানিব পৰা মতে, বিজেপিৰ এগৰাকী শীৰ্ষ নেতাৰ নিৰ্দেশত সোমবাৰে নিশা বাগিচাখনৰ শ্ৰমিকৰ লাইনত ৰাইন' ব্ৰণ্ডৰ বৃহৎ পৰিমাণৰ সুৰা নিয়া হয়। নিৰ্বাচনৰ পূৰ্বে মঙলবাৰে নিশা বিতৰণ কৰিবৰ বাবে বিজেপিৰ কৰ্মী এঘৰত মজুত কৰি ৰখা এই মদৰ বটল সন্দৰ্ভত ৰাইজে গম পাই লগে লগে বোকাখাত মহকুমা প্ৰশাসনক অৱগত কৰে।

ইপিনে, মঙলবাৰে পুৱা বোকাখাতৰ আবকাৰী বিভাগে ১৫০ বটল সুৰা জব্দ কৰে। আবকাৰী বিভাগৰ পৰিদৰ্শক নৈঋতা বৰুৱাৰ নেতৃত্বত যোৱা অভিযানকাৰী দলে বাগিচাখনৰ এজন লোকৰ ঘৰৰ বাৰীৰ পৰা এই মদৰ বটল খিনি জব্দ কৰে বুলি জানিবলৈ দিয়ে। ঘটনা সংক্ৰান্তত অধিক তথ্য সংগ্ৰহৰ বাবে আবকাৰী বিভাগে এজন লোকক আটক কৰি সোধ-পোছ অব্যাহত ৰাখিছে বুলি জানিবলৈ দিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in