বোকাজানত বন্যহস্তীৰ আক্ৰমণত গুৰুতৰভাবে আহত এজন…

বোকাজানত বন্যহস্তীৰ আক্ৰমণত গুৰুতৰভাবে আহত এজন…

ডিজিটেল সংবাদ, বোকাজান: কোৰোনা সংহাৰৰ মাজতে বোকাজানত অব্যাহত আছে বন্যহস্তীৰ তাণ্ডৱ। বোকাজান মহকুমাৰ বিভিন্ন স্থানত সঘনাই বনাঞ্চলৰ পৰা বন্যহস্তী ওলাই আহি জনবসতিপূৰ্ণ স্থানত তাণ্ডৱৰ সৃষ্টি কৰা দৃশ্য এতিয়া সহজলভ্য হৈ পৰিছে৷ প্ৰতিদিনে ঘৰৰ বাৰীত, ঘৰ অথবা কৃষি পথাৰত উপদ্রপ চলাই সাধাৰণ ৰাইজ তথা কৃষকৰ নিদ্ৰা হৰণ কৰিছে বন্যহস্তীৰ জাকে।

যোৱা কেইবাদিনো ধৰি বোকাজান বন সংমণ্ডলৰ অধীনৰ তথা বোকাজান আৰু বৰজান পৰিষদীয় সমষ্টি দুটাৰ অন্তৰ্গত মাটিপুল, গুৰুংমাটি, ঘৰিয়ালডুবি, ফুলবাৰী, হাটীগড়, ফিচাৰিপাৰ আদি অঞ্চলত ৫-১০ জনীয়া এটা বন্যহস্তীৰ জাকে সন্ত্ৰাসৰ সৃষ্টি কৰি দোকান-ঘৰ ভাঙি নষ্ট কৰাৰ লগতে প্ৰতিদিনে বাৰীৰ ফচল নষ্ট কৰি আহিছে।

নিশাৰ ভাগত হাতীৰ জাকটোৱে খাদ্যৰ সন্ধানত কাষৰ অৰণ্যৰ পৰা ওলাই আহে জনাঞ্চললৈ। যাৰ বাবে অঞ্চলটোৰ ৰাইজে উজাগৰী নিশা কটাব লগীয়া হৈছে। শনিবাৰে নিশা প্ৰায় ৮ মান বজাত বোকাজান আৰক্ষী থানাৰ অন্তৰ্গত ঘৰিয়ালডুবি অঞ্চলত ১০ জনীয়া হাতীৰ দলটোৰে মুখামুখি হয় ঘৰলৈ গৈ থকা অৱস্হাতে ৰাজেশ যাদৱ নামৰ ব্যক্তিজন। হাতীৰজাকটো সন্মুখত দেখি দিগবিদিক হেৰাই ৰাজেশে পলাই যাবলৈ লওঁতেই হাতীৰ আক্ৰমণ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় তেওঁ।

ইফালে স্হানীয় ৰাইজে ৰাজেশক বোকাজান অসামৰিক চিকিৎসালয়লৈ লৈ যায়। উল্লেখ্য যে অঞ্চলটোত বন্যহস্তীৰ জাকটোৱে প্ৰায়ে উপদ্ৰৱ চলাই আহিছে যদিও অদ্যপি বনবিভাগে বন্যহস্তীৰ জাকটোক দূৰলৈ খেদি পঠাবলৈ সক্ষম হোৱা নাই বুলি গাঁওবাসীয়ে অভিযোগ উত্থাপন কৰাৰ লগতে সাংবাদিক গৈ পোৱাৰ সময়লৈকে বন বিভাগৰ কোনো লোকে সেই স্থানত উপস্থিত হোৱা নাই বুলি বনবিভাগৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in