বোকাজানত কৰ্তব্যৰত আৰক্ষীক প্ৰহাৰৰ অভিযোগ! স্বামীৰ সৈতে আটক পত্নীক…VIDEO

বোকাজানত কৰ্তব্যৰত আৰক্ষীক প্ৰহাৰৰ অভিযোগ! স্বামীৰ সৈতে আটক পত্নীক…VIDEO

ডিজিটেল সংবাদ, বোকাজানঃ বিশ্বব্যাপী ত্ৰাসৰ সৃষ্টি কৰা ক'ভিড-১৯ ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে ভাৰত চৰকাৰে আহ্বান জনোৱা সমগ্ৰ দেশ লকডাউনৰ সময়ত ৰাজ্যৰ স্বাভাৱিক জনজীৱন স্তব্ধ হৈ পৰিছে। বিভিন্ন বিভাগৰ লগতে অসম আৰক্ষীয়েও কেন্দ্ৰীয় চৰকাৰৰ সম্পূৰ্ণ নীতি-নিৰ্দেশনা পালনেৰে দিন-ৰাতি একাকাৰ কৰি এই ভাইৰাছৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ প্ৰস্তুতি তথা সতৰ্কতামূলক কাৰ্যসূচী গ্ৰহণ কৰাৰ লগতে নিজ কৰ্তব্য আৰু দায়িত্ব সুচাৰুৰূপে পালন কৰি অহা পৰিলক্ষিত হৈছে।

কোৰোনা যুঁজৰ এই স্পৰ্শকাতৰ আৰু জটিল সময়চোৱাত ৰাইজৰ বাবে নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি এক গুৰুত্বপূৰ্ণ ভূমিকা পালন তথা সেৱা আগবঢ়াই অহা অসম আৰক্ষীৰ বিভিন্ন স্তৰৰ বিষয়া-কৰ্মচাৰী-জোৱানসকল কিন্তু প্ৰকৃততে প্ৰসংশাৰ পাত্ৰ। দিনৰ প্ৰায় ২৪ ঘণ্টাই ব্যস্ত থাকিব লগা হোৱা আৰক্ষী বিভাগৰ বিভিন্ন পৰ্যায়ৰ বিষয়া-কৰ্মচাৰী-জোৱানসকলৰ মান-সন্মান আৰু কষ্টক ধূলিস্যাত কৰি আজি নিজ কৰ্তব্য পালন কৰি থকা সময়ত এগৰাকী আৰক্ষী বিষয়াক এজন উদণ্ড যুৱকে প্ৰহাৰ কৰা ঘটনাই বোকাজানত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ঘটনাৰ বিৱৰণী অনুসৰি, বোকাজান আৰক্ষী থানাৰ আৰক্ষী বিষয়া চৰণ মোহন চেতিয়াই দেওবাৰে থানাৰ সন্মুখত মটৰচাইকেলত হেলমেট পৰিধান নকৰা আৰোহী আৰু মাস্ক পৰিধান নকৰা লোকৰ বাবে নাকা তালাচী গঢ়ি তুলিছিল। কিছু অসচেতন লোকৰ বাবে নাকা তালাচী চলি থকাৰ সময়তে মটৰচাইকেলত হেলমেট পৰিধান নকৰা এজন যুৱকক জৰিমনা বিহিছিল আৰক্ষীয়ে । কিন্তু মটৰ চাইকেলখন জৰিমনা বিহা যুৱকজনৰ নাছিল।

মটৰচাইকেলখন বোকাজান আৰক্ষী থানাৰে সন্মুখৰ নিবাসী তথা চৰকাৰী গাওঁবুঢ়া অমিত মেচ ওৰফে মদন নামৰ লোকজনৰ আছিল । জৰিমনা বিহাক লৈ মটৰ চাইকেলখনৰ গৰাকী অমিত মেচ ওৰফে মদনে নাকা তালাচীত আহি দেওবাৰে বহু ঠাইত দোকান-পোহাৰ খোলা থকা বুলি অভিযোগ তুলি আৰক্ষীয়ে উক্ত খোলা দোকান সমূহ বন্ধ কৰাৰ পৰিৱৰ্তে থানাৰ সন্মুখত হেলমেট, মাস্কৰ নাকা-তালাচী চলোৱাতো কিমান যুক্তি সংগত বুলি আৰক্ষী বিষয়াজনৰ লগত তৰ্ক যুদ্ধত লিপ্ত হয় আৰু পৰৱৰ্তী সময়ত অমিতে আৰক্ষীক প্ৰহাৰ কৰাৰো অভিযোগ উঠে আৰক্ষী বিষয়া চৰণ মোহন চেতিয়াক ।

কৰ্তব্যৰত আৰক্ষী বিষয়াক প্ৰহাৰ কৰাৰ লগে লগে থানাৰ সন্মুখত এক হুৱা-দুৱা পৰিবেশৰ সৃষ্টি হয় আৰু পৰৱৰ্তী সময়ত আৰক্ষীয়ে উদণ্ড যুৱক অমিত মেচক কৰায়ক্ত কৰি থানালৈ আনিব লওতেই অমিত মেচৰ পত্নীয়েও আৰক্ষীৰ সন্মুখতে উপৰ্যুপৰি আৰক্ষী বিষয়া চৰণ মোহন চেতিয়াক প্ৰহাৰ কৰাৰ অভিযোগ উঠিছে ।

এই ঘটনাৰ পিছতে আৰক্ষীয়ে অমিত মেচ আৰু তেওঁৰ পত্নীক আটক কৰি তেওঁলোকৰ বিৰুদ্ধে 58/20 IPC 294/353/333/506-34ধাৰাত এক গোচৰ পঞ্জীয়ন কৰা বুলি জানিবলৈ দিয়ে। ইফালে আটক কৰাৰ পাছত যুৱকগৰাকীৰ বিৰুদ্ধে পূৰ্বেও বিভিন্ন অভিযোগ আছে বুলি উল্লেখ কৰে আৰক্ষীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in